উৎকট গ্ৰীষ্ম প্ৰবাহে দহিছে দেশ, ১০ দিনত প্ৰায় ৫০০ ৰো অধিক লোকৰ মৃত্যু

Share

ডিজিটেল ডেস্কঃবৰ্তমান গ্ৰীষ্ম প্ৰবাহে দহিছে লমগ্ৰ ৰাজ্য।তাৰ মাজতে ইউৰোপ মহাদেশৰ স্পেইনত গৰমে সকলো অভিলেখ ভংগ কৰিছে। স্পেইনত  উৎকট গৰমৰ বাবে যথেষ্ট যন্ত্ৰনাত ভুগিছে সাধাৰণ লোকে। উৎকট গৰমৰ কাৰণে সাধাৰণ লোকৰ জীৱন-যাত্ৰা স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে। কিয়নো ১০ দিনৰ ভিতৰত স্পেইনত গৰমৰ উত্তাপ বৃদ্ধি হোৱাৰ ফলত প্ৰায় ৫০০ৰো অধিক লোকৰ মৃত্যু হোৱা পৰিলক্ষিত হৈছে। খবৰ অনুসৰি কাৰ্লোছ তৃতীয় স্বাস্থ্য প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰকাশিত পৰিসংখ্যাৰ উদ্ধৃতি অনুসৰি  আগৰ বছৰৰ গড়তকৈ এই বছৰ অধিক মৃত্যু হোৱাৰ তথ্য প্ৰদান কৰিছে।

গ্ৰীষ্ম প্ৰবাহৰ ফলত গৰমৰ উত্তাপ যথেষ্ট বৃদ্ধি হোৱাৰ ফলত স্পেইনৰ প্ৰধানমন্ত্ৰী পোদ্ৰো চানচেজে সকলোকে অধিক সাৱধান হবলৈ আহ্বাহন জনাইছে। উল্লেখ্য যে ইউৰোপ মহাদেশৰ বেছিভাগ অংশ গ্ৰীষ্মপ্ৰবাহৰ কবলত পৰিছে। যাৰ বাবে তীব্ৰ গৰমৰ সন্মুখীন হবলগীয়া হৈছে স্পেইনবাসী।বৰ্তমান স্পেইনৰ উত্তাপ ৪৫ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পাইছে আৰু গ্ৰীষ্মপ্ৰবাহৰ ফলত বনজুইৰ সূত্ৰপাত ঘটে যাৰ ফলত হাজাৰ হাজাৰ হেক্টৰ ভূমি ছাৰখাৰ হোৱাৰ লগতে হাজাৰ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *