অক্টোবৰৰ পৰা পুণৰ ৰাজ্যৰ ছবিগৃহ সমূহ খোলাৰ নিৰ্দেশ

Share
অনালি শৰ্মা গুৱাহাটী ২০ ছেপ্তেম্বৰ : ক’ভিড বিধি মানি চলি পুণৰ ৰাজ্যৰ ছবিগৃহ সমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । অৱশ্যে ছেপ্টেম্বৰ মাহৰ কভিড পৰিস্থিতি পৰ্যবেক্ষণ কৰিহে এই সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে । লগতে দুৰ্গাপূজাৰ সময়ত কাৰ্ফিউ কিছু শিথিল কৰাৰ সম্ভাৱনাৰ কথাও তেওঁ জানিবলৈ দিয়ে । তদুপৰি পূজাৰ বাবে দোকান-পোহাৰ ১ ঘন্টা বেছিকৈ খোল খাব পাৰে ।
ইয়াৰ লগতে ৰাজ্যবাসীৰ বাবে সুখৰ খবৰ অতি শীঘ্ৰেই ৰাজ্যৰ প্ৰত্যেকখন চিকিৎসালয়ত ৰোগীৰ সুবিধাৰ্থে ডিজিটেল সংযোগ কৰা হ’ব । ইয়াৰ কাম হ’ব ৰোগী এগৰাকী যিকোনো এখন চিকিৎসালয়লৈ গ’লে পূৰ্বৰ সকলো তথ্য চিকিৎসক গৰাকীয়ে অনলাইনতে চাব পাৰিব । উল্লেখ্য যে ছবিগৃহ সমূহ খোলাক লৈ বহু ঠাইত  আজি প্ৰতিবাদো সাব্যস্ত কৰা হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *