৩০ চেপ্তেম্বৰৰ পৰা পৰ্যটক সকলৰ বাবে মুকলি কৰা হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান 

Share
অনালি শৰ্মা 
৩০ ছেপ্তেম্বৰঃ সম্পূৰ্ণ ক’ভিড নিয়মৰ মাজেৰে পৰ্যটকৰ বাবে আজিৰ পৰা খুলি দিয়া হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান । মঙলদৈ বন সংমণ্ডলৰ বন্যপ্ৰাণী বিষয়াই এক জাননীৰ জৰিয়তে এই কথা জনাইছে ।
কিন্তু অতি দুখৰ বিষয় যে বানপানীৰ বাবে উদ্যানখনৰ ভিতৰুৱা বাট-পথ বিধ্বস্ত হোৱাত উদ্যান কৰ্তৃপক্ষই পৰ্যটকৰ বাবে কেৱল মুখ্য দুৱাৰখনহে খুলি দিব বুলি উল্লেখ কৰিছে । 
বিধ্বস্ত হৈ পৰা বাট-পথ কেইটাৰ মেৰামতিৰ কাম চলি আছে আৰু সম্পূৰ্ণ হৈ উঠিলে সেই পথসমূহো পৰ্যটকৰ বাবে খুলি দিয়া হ’ব ।
উল্লেখ্য যে, ৰাজ্য চৰকাৰে যোৱা ২ ছেপ্তেম্বৰত ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম সলনি কৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নামেৰে নামকৰণ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *