অভিযুক্ত শ্যামকানু-সিদ্ধাৰ্থ লগতে ৫ অভিযুক্তক কাৰাগাৰত ৰখা বিৰোধ

Share

গুৱাহাটী:   প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ সমগ্ৰ অসম ম্ৰিয়মান। সকলোৱে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায়। এনে সময়তে ১৫ অক্টোৱৰ দিনটোত বাক্সা জিলা কাৰাগাৰৰ সন্মূখত সৃষ্টি হৈছিল হিংসাত্মক ঘটনা । জনপ্ৰিয় গায়ক  জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা পাঁচ অভিযুক্তক  গুৱাহাটী পৰা বাক্সা জেললৈ স্থানান্তৰ কৰাৰ সময়তে  উত্তেজনাপূৰ্ণ  পৰিস্থিতিৰ সৃষ্টি হয়। অভিযুক্তসকলক লৈ যোৱা গাড়ী আৰু আৰক্ষীৰ কনভয়ত স্থানীয় লোকৰ একাংশই শিলাবৃষ্টি বৰ্ষন কৰে। ইয়াৰ পাছতে সমগ্ৰ পৰিৱেশ কিছু শীথিল হোৱাৰ পাছতে একাংশই কাৰাগাৰৰ সন্মূখত অভিযুক্তক ৰখাক লৈ বিৰোধীতা কৰি অৱস্থান গ্ৰহণ কৰে। উক্ত প্ৰতিবাদ কাৰীৰ ওপৰত আৰক্ষীয়ে লাঠী চাৰ্জ কৰাৰ অভিযোগ উথ্থাপন হয়, ভয়ংকৰ হিংসাত্মক ৰূপ লয় সেই স্থানত। প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে আৰক্ষীৰ ভেন ,সাংবাদিক ৰ গাড়ী। ঘটনাত কেইবাজনো  আৰু স্থানীয় লোক আহত হয় বুলি জানিব পাৰি । সংবাদ মাধ্যমৰ ব্যক্তিয়ো গুৰুত্বৰ ভাৱে আহত   ।আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ টিয়াৰ গেছ প্ৰয়োগ কৰে। গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী । আৰক্ষীৰ গুলীত আহত হয় সেই স্থানৰ দুজন যুৱক ,  দুয়ো গৰাকী যুৱকক  গুৱাহাটীৰ এইমচত চিকিৎসাধীন অৱস্হাত ভৰ্তি কৰোৱা হয়। পৰিৱেশ নিয়ন্ত্ৰণত আনিবলৈ প্ৰশাসনে ইণ্টাৰনেট ব্যৱস্থা কৰ্তন কৰে ।  বৰ্তমান সময়তো বাক্সাত আৰক্ষীৰ কটকটীয়া  সুৰক্ষা ব্যৱস্থা জাৰি আছে ।  সমান্তৰাল ভাৱে বিভিন্ন দল-সংগঠনে এই ঘটনাৰ ওপৰত পাৰদৰ্শী তদন্ত আৰু সঠিক চার্জশ্বিট দাখিলৰ দাবী জনাইছে।  শিল্পীজনৰ মৃত্যু সন্দৰ্ভত জনগণে সত্যতা জানিবই লাগিব বুলি মত পোষণ কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই জনগণক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাই, ঘটনাটোক “ৰাজনৈতিক মঞ্চ লৈ নিনিব” বুলি সতর্ক প্ৰদান  কৰে। সমগ্ৰ ঘটনা ওপৰত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *