গুৱাহাটী অক্টোবৰ ৮: ৭ অক্টোবৰত শক্তি বিতৰণ কোম্পানী APDCL কতৃপক্ষই টুইটাৰ যোগে জানিব দিয়া মতে ৰাজ্যত ৭ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা ১০ অক্টোবৰৰ পুৱা ৮ বজালৈ উপলব্ধ নাথাকিব অনলাইন সেৱা । APDCL ৰ টুইটাৰ অনুশৰি অনলাইন বিদ্যুত মাচুল পৰিশোধ, বিদ্যুত মাচুল অনলাইন যোগে চোৱা আদি সুবিধাবোৰ উপলব্ধ নাথাকিব। জানিব পৰা মতে জৰুৰীকালীন ৰক্ষণাবেক্ষণ কাৰ্যকলাপৰ বাবে এই সিদ্ধান্ত গ্ৰহন কৰা হৈছে। এই সময় সীমাৰ ভিতৰত ৰাজ্যবাসীয়ে ওচৰৰ বিদ্যুত কাৰ্যলয়ত গৈ নিজৰ মাচুল পৰিশোধ কৰিব পাৰিব।