চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ অ’এনজিচিৰ ৯খন অত্যাধুনিক এম্বুলেঞ্চ

Share

ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি  অনুষ্ঠানত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় ৰাজ্য়িক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেচন লিমিটেডে ৰাজ্যখনলৈ আগবঢ়োৱাৰ ৯খন এম্বুলেঞ্চৰ শুভাৰম্ভ কৰে । এম্বুলেঞ্চসমূহ লাভ কৰিছে যোৰহাট , তেজপুৰ, শিলচৰ , গুৱাহাটী, বৰপেটা আৰু লখিমপুৰ, ডিফু, তিনিচুকীয়া, ডিব্ৰুগড় আৰু ফকৰুদ্দিন আলি আহমেদ চিকিসা মহাবিদ্য়ালয় আৰু হাস্পতালে ।এই ৯খন এম্বলেঞ্চৰ বাবে অএনজিচি ফাউণ্ডেচনে ৪.৩৮ কোটি টকা আগবঢ়াইছে । উক্ত এম্বুলেঞ্চসমূহত নৱজাতকৰ সমস্যা , ট্ৰমা , প্ৰসৱকালীন আৰু দুৰ্ঘটনাৰ সময়ত জৰুৰীকালীন সেৱা প্ৰদানৰ সকলোধৰণৰ আধুনিক সুবিধা থাকিব । এই উদ্বোধনী অনুষ্ঠানটোত অ’এনজিচিৰ অসম আৰু আৰাকান বেচিন ইডি বেচিন মেনেজাৰ সুষমা ৰাৱট , অসম সম্পদৰ এচেট মেনেজাৰ ইডি ৰাজেশ কুমাৰ আদি জ্যেষ্ঠ বিষয়া উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *