আৰম্ভ হৈছে মহা অম্বুবাচীৰ প্ৰস্তুতি।২২ জুনৰ পৰা উখল মাখল হৈ পৰিব নীলাচলৰ বুকু।সোমবাৰে অম্বুবাচী মেলাক লৈ অসম পৰ্যটন বিভাগে এক সংবাদ মেল সম্বোধন কৰে।পল্টনবজাৰত অৱস্থিত অসম পৰ্যটন বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই সংবাদ মেলত মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে অম্বুবাচীৰ প্ৰস্তুতিৰ সম্পৰ্কে অৱগত কৰে।উল্লেখ্য যে এইবাৰ অম্বুবাচীৰ প্ৰবৃত্তি ২২ জুনৰ দুপৰীয়া ২ বাজি ৫৬ মিনিটত।আনহাতে অম্বুবাচীৰ নিবৃত্তি ২৬ জুনৰ পুৱতি নিশা ৩ বজাত।মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে জনোৱা অনুসৰি অম্বুবাচী মহাযোগত নাথাকিব কোনো ভি আই পি আৰু ভি ভি আই পিৰ ব্যৱস্থা।অম্বুবাচী মহাযোগৰ সময়ত মন্দিৰলৈ যোৱা পথটোত কাৰ্পেটৰ ব্যৱস্থা কৰা হ’ব।সেইবাবে ভক্তসকলে অম্বুবাচীৰ সময়ছোৱাত মন্দিৰলৈ জোতা-চেণ্ডেল পিন্ধি নাযাবলৈয়ো আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে।জোতা-চেণ্ডেলৰ পৰিৱৰ্তে মোজা পিন্ধিহে আহিবলৈ ভক্তসকলক তেওঁ আহ্বান জনাইছে।ভক্তসকলৰ সুবিধা হোৱাকৈ কামাখ্যাৰ মূল গেটৰ পৰা পথত কাৰ্পেট পাৰি দিয়াৰ লগতে ঠায়ে ঠায়ে খোৱা পানীৰো ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়।ভক্তসকলৰ বাবে ৪ টা শিবিৰৰ ব্যৱস্থা কৰা হৈছে বুলিও জনাই তেওঁ।এই শিবিৰসমূহত বহিঃৰাজ্যৰ পৰা অহা ভক্তসকলৰ বাবে নিৰ্মাণ কৰা হৈছে।অৱশ্যে ভক্তৰ সংখ্যা বা সমাগম আশা কৰাতকৈ অধিক বৃদ্ধি হ’লে এই শিবিৰৰ সংখ্যা বৃদ্ধি কৰা হ’ব বুলিও প্ৰকাশ কৰিছে পৰ্যটন বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে।
পূৰ্বৰ দৰে এইবাৰো অম্বুবাচী মেলাত দেশ,বিদেশৰ কেইবালাখ ভক্তৰ সমাগম হ’ব বুলি আশা কৰা হৈছে।সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে এই মেলা অনুষ্ঠিত কৰাৰ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে-এইবাৰৰ অম্বুবাচী মেলাৰ বাবে চৰকাৰে ৪ কোটি ৫৫ লাখ টকা ব্যয় কৰিব।