নিউজ ডেস্ক, ২৫ অক্টোবৰ তাৰিখে দিল্লী প্ৰচাৰ ভাৰতীয়ে আকাশবাণী ডিব্ৰুগড় আঞ্চলিক বাতৰি অসমীয়া ভাষাক বন্ধ কৰা সিদ্ধান্তকলৈ এতিয়া ৰাজ্য চৌদিশে জাঙুৰ উঠিছে বিভিন্ন সচেতন মহলৰ লগতে একাংশ জাতীয় দল সংগঠন। অসমৰ স্বাভিমানৰ লগতে অসমৰ চিনাকী আকাশবাণী ডিব্ৰুগড় আঞ্চলিক বাতৰি অসমীয়া ভাষাক বন্ধ কৰাৰ ষড়যন্ত্ৰক ক্ষোভিত হৈ পৰিছে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বাবলু কুলদ্বীপ।
এই সন্দৰ্ভত যোৱা ইংৰাজী ২৫ অক্টোবৰ তাৰিখে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতিয়ে তিনিচুকীয়া জিলা উপায়ুক্তলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক দিল্লী প্ৰচাৰ ভাৰতীৰ এনে সিদ্ধান্তক প্ৰত্যাহাৰ কৰিবলৈ সংবাদমাধ্যমৰ আগত আহ্বান জনায়।