অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধানৰ দায়িত্বত থকা হৰমীত সিঙক পদোন্নতিসহ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব দিয়া হৈছে।ৰাজ্যচৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে এক নিৰ্দেশনাযোগে হৰমীত সিঙক পদোন্নতিসহ অসম আৰক্ষীৰ পূৰ্ণপৰ্যায়ৰ সঞ্চালকপ্ৰধান হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব প্ৰদান কৰিছে।উল্লেখযোগ্য যে,জি পি সিঙে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব এৰাৰ হিচাপে ভাৰপ্ৰাপ্ত আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিছিল ১৯৯২ চনৰ আই পি এছ বিষয়া হৰমীত সিঙে।চলিত বৰ্ষৰ ২৯ জানুৱাৰীত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা অনুষ্ঠানত জি পি সিঙে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্বভাৰ হৰমীত সিঙক হৰমীত সিঙক অৰ্পন কৰিছিল।তাৰে পিছৰে পৰা ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে তেওঁ দায়িত্ব পালন কৰি আহিছিল।অৱশেষত হৰমীত সিঙকে অসম আৰক্ষীৰ পূৰ্ণপৰ্যায়ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছিল।চি আৰ পি এফৰ সঞ্চালকপ্ৰধানৰূপে জি পি সিঙে দায়িত্ব লাভ কৰাৰ পাছতে ৰাজ্যৰ গৃহ বিভাগে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙক।১৯৯২ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া হিচাপে অসম আৰক্ষী সঞ্চালক প্ৰধানৰূপে নিযুক্তি লাভ কৰিছিল হৰমীত সিঙে।১৯৯২ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি হৰমীত সিঙে প্ৰায় ১৯৯৮ চনলৈকে অসমত কটায়।১৯৯৮ চনৰ পৰা ২০১৭ চনলৈকে সিঙে ডিপুটেচনত ভাৰত চৰকাৰৰ বিভিন্ন পদবীত তেওঁ সেৱা আগবঢ়াইছিল।এই সূত্ৰে তেওঁ দিল্লী,ছিকিমৰ গেংটক,ৰাছিয়াৰ মস্কো,জন্মু-কাশ্মীৰ,শ্ৰী নগৰকে ধৰি বিভিন্ন ঠাইত সেৱা আগবঢ়াইছিল।আৰক্ষী সঞ্চালক প্ৰধান হিচাপে আনুষ্ঠানিক নিযুক্তি লাভ কৰা হৰমীত সিঙে এতিয়াৰে পৰা অসম আৰক্ষীৰ পূৰ্ণপৰ্যায়ৰ সঞ্চালক প্ৰধান হিচাপেও তেওঁ সেৱা আগবঢ়াব।