নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ: আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ওপজা দিন । ইতিমধ্যেই গুগল ডুডলত জিলিকি উঠিছে সুধাকণ্ঠৰ চিত্ৰ। সুধাকণ্ঠৰ ওপজা দিনৰ উপলক্ষে ওপজা দিনত গুগলে দিলে অনবদ্য সন্মান। গুগল ডুডলত আজিৰ দিনটোত জিলিকিছে সুধাকণ্ঠৰ ছবি। বিশ্ববাসীয়ে জানিবৰ বাবে ভূপেন হাজৰিকাৰ তথ্য সমৃদ্ধ কৰিলে গুগলে।
১৯২৬ চনৰ ৮ ছেপ্টেম্বৰৰ দিনাই জন্ম লাভ কৰিছিল ভূপেন হাজৰিকাই। ভাৰতৰত্ন ভূপেন হাজৰিকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিয়েই গুগলে আজিৰ দিনটোত ভূপেন হাজৰিকাৰ প্ৰতীকি চিত্ৰ অংকন কৰা হৈছে ।