সংসদৰ অষ্টাদশ অধিৱেশন আৰম্ভ হোৱাৰ প্ৰথম দিনটোতে যুদ্ধংদেহী ৰূপত শাসক বিৰোধী

Share

সংসদৰ অষ্টাদশ অধিৱেশ আৰম্ভ হোৱাৰ প্ৰথম দিনটোতে সংসদৰ বাহিৰে ভিতৰে যুদ্ধংদেহী ৰুপত শাসক বিৰোধী।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানক অৱমাননা কৰাৰ অভিযোগ তুলিলে বিৰোধীয়ে।সংসদৰ বাহিৰত হাতে হাতে সংবিধানৰ প্ৰতিলিপি লৈ বিৰোধী সাংসদৰ প্ৰতিবাদ।প্ৰধানমন্ত্ৰীক সংবিধান ধ্বংস কৰিবলৈ নিদিয়াৰ হুংকাৰ বিৰোধীৰ।ইয়াৰোপৰি প্ৰধানমন্ত্ৰী মোদীয়ে সংসদৰ ভিতৰত শপত গ্ৰহণ কৰাৰ সময়তো ৰাহুল গান্ধীকে ধৰি বিৰোধীৰ আন সাংসদ সকলে প্ৰধানমন্ত্ৰীক দেখুৱালে সংবিধানৰ প্ৰতিলিপি।

প্ৰধানমন্ত্ৰীক সংবিধানৰ প্ৰতিলিপি দেখুওৱা সন্দৰ্ভত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া—প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে সংবিধানৰ ওপৰত আক্ৰমণ চলাইছে।হাতত সংবিধানৰ কপি লৈ ইণ্ডিয়া মৰ্চাৰ নেতা-সাংসদসকলে সংসদ চৌহদত থকা গান্ধীজীৰ মূৰ্তিৰ সন্মুখত “আমাৰ সংবিধান দীৰ্ঘজীৱী হওক,” “কোনে সংবিধান ৰক্ষা কৰিব? “আমি কৰিম,আমি কৰিম” বুলি ধ্বনি দিয়ে।

প্ৰতিবাদত অংশগ্ৰহণ কৰে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনীয়া গান্ধী,কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে,জেষ্ঠ কংগ্ৰেছ ৰাহুল গান্ধী,তৃণমূল কংগ্ৰেছৰ নেতা সুদীপ বন্দোপধ্যায়,ডি এম কেৰ টি আৰ বালু আদি নেতাই।

Leave a Reply

Your email address will not be published. Required fields are marked *