নৱ-বৰ্ষৰ প্ৰাক মুহুৰ্তত বনভোজকাৰী সকলৰ বাবে আহিল ১৮ টাকৈ নিয়ম

Share

নৱপ্ৰজন্মৰ প্ৰাক মুহুৰ্তত বনভোজকাৰী সকলৰ বাবে আহিল ১৮ টাকৈ নিয়ম। আৰু লগতে বনভোজকাৰীসকলৰ বাবে মুকলি কৰা হৈছে দুটাকৈ নম্বৰ। এই নিয়ম উলংঘা কৰিলেই ভৰিব লাগিব জৰিমনা।
যান বাহন আৰক্ষীয়ে জাৰী কৰিছে SOP
১)ভ্ৰমনৰ বাবে সদায় এজন সুৰাপান নকৰা সচেতন ব্যক্তিক চালক হিচাপে নিযুক্তি দিয়ক।
২)আপোনাৰ বাহনখন পথৰ উপযোগী হয় নে নহয় পৰীক্ষা কৰি যাত্ৰা কৰক।
৩)ব্যক্তিগত বাহন সমূহ যেনে টেম্পো.ট্ৰেভেলাৰ, বা অন্যান্য চাৰিচকীয়া বাহন ইত্যদিৰ উপযুক্ত নথী পত্ৰ  পৰীক্ষা কৰিহে বনভোজৰ বাবে নিৰ্বাচন কৰক।
৪) চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত বনভোজলৈ যাত্ৰা কৰাৰ সময়ত চিটবেল পৰিধান কৰাটো আৰু দুচকীয়া বাহনৰ ক্ষেত্ৰত হেলমেট ব্যবহাৰ কৰাটো বাধ্যতামূলক।
৫)যান বাহন আইনৰ সকলো নীতি নিয়ম মানি চলি নিয়মিত গতিবেগত গাড়ী চলাওক যাতে আপোনালোকৰ যাত্ৰা নিৰাপদ আৰু সুৰক্ষিত হয়।
৬)আপোনালোকৰ যাত্ৰীবাহী বাহন সমূহ পাৰ্কিং কৰাৰ ক্ষেত্ৰত বনভোজস্থলীৰ কাষত নিৰাপদ স্থান নিৰ্বাচন কৰক,যাতে দুৰ্ঘটনাৰ দৰে অনাকাংখিত পৰিস্থিতিৰ পৰা ৰক্ষা পৰে।
৭)বনভোজ স্থলীলৈ যোৱা প্ৰত্যেকটো দলে স্থানীয় আৰক্ষী চকী বা থানাত লিখিতভৱে অৱগত কৰাটো বাধ্যতামূলক।
৮)বনভোজ স্থলীলৈ যাঁওতে জৰুৰীকালীন সামগ্ৰী যেনে-প্ৰাথমিক চিকিৎসাৰ বাকচ খোৱা পানী বটল আৰু বাহনৰ প্ৰয়োজনীয় সঁজুলি লগত কঢ়িয়াই লৈ যাঁওক।
৯)প্ৰয়োজন সাপেক্ষে ব্যবহাৰৰ বাবে নিম্নলিখিত নম্বৰ সমূহ বনভোজলৈ যোৱা প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ লগত ৰাখক।
(ক) ১১২ (আৰক্ষী আৰু জৰুৰীকালীন সেৱা)
(খ)১০৮ (চিকিৎসামূলক জৰুৰী সেৱা)
(গ) জিলাভিত্তিক নিজ নিজ কৰ্তৃপক্ষই প্ৰদান কৰা হেল্পলাইন নম্বৰ।
তাৰ সমান্তৰালভাৱে বনভোজলৈ যাঁওতে আপুনি কি কি কৰাৰ পৰা বিৰত থাকিব
১) বনভোজলৈ যাত্ৰা কৰোতে দ্ৰুতবেগত আৰু অন্যমনষ্ক হৈ গাড়ী নচলাব,বিশেষকৈ পাহাৰীয়া আৰু ঠেক ৰাস্তাত এই নিয়ম মানি চলক।
২)বনভোজলৈ যাত্ৰা কৰোতে সুৰাপান বা অন্য নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ পৰা বিৰত থাকক।
৩)বনভোজলৈ যাত্ৰা কৰা বাহন সমূহৰ যাত্ৰী বহা আসনৰ ক্ষমতা অতিক্ৰম কৰি বাহনত অতিমাত্ৰা ভিৰ নকৰিব।
৪) বনভোজলৈ যাত্ৰা কৰোতে সামগ্ৰী কঢ়িওৱা বাহনত যাত্ৰী কঢ়িওৱাৰ পৰা বিৰত থাকক। এইটো বে-আইনী আৰু অসুৰক্ষিত।
৫) বনভোজলৈ যাত্ৰা কৰাৰ সময়ত বাহনত উচ্চস্বৰত গান বাজানা নবজাব।
৬) বনভোজলৈ যাত্ৰাৰ বাবে অযোগ্য বা অন্য কোনো ভালকৈ মেৰামতি নকৰা বাহন ব্যবহাৰ নকৰিব।
৭) বনভোজলৈ যাত্ৰা কৰা বাহনসমূহ অসুৰক্ষিত স্থানত নৰখাব যিয়ে যাতায়ত ব্যবস্থাত বাধাৰ সৃষ্টি কৰিব পাৰে।
৮) বনভোজলৈ যাত্ৰা কৰোতে প্ৰতিকূল বতৰ যেনে প্ৰচণ্ড কুঁৱলি বা বৰষুণ ইত্যাদি অৱস্থানত সাৱধানতা অবিহনে যাত্ৰা নকৰিব।
৯)প্ৰতিকূল বতৰ আৰু দৃশ্যমানতা পৰিস্থিতিৰ হাত সাৰিবলৈ বনভোজলৈ সূৰ্যোদয়ৰ আগত আৰু সূৰ্যাস্তৰ পিছত যাত্ৰা নকৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *