পুনৰ বিৰ্তক টেটক লৈ

Share

টেট পৰীক্ষাক নতুনকৈ গণিতৰ প্ৰশ্ন অন্তৰ্ভূক্তিক লৈ ৰাজ্যজুৰি চলা বিতৰ্কক লৈ বুধবাৰে শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে কয় যে টেট আৰু নিযুক্তি পৰীক্ষা দশম শ্ৰেণী পৰ্যায়ৰ ১৫ নম্বৰহে থাকিব।তাত ভয় কৰিবলীয়া কোনো কথা নাই বা কাৰণ নাই।কোনো শিক্ষকে যদি দশম শ্ৰেণীৰ গণিতৰ ১৫ নম্বৰৰ প্ৰশ্নকেইটাকো যদি ভয় খায় তেন্তে কিদৰে তেওঁলোকে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।উল্লেখযোগ্য যে অহা ২৯ ডিচেম্বৰত পৰীক্ষাটো অনুষ্ঠিত হোৱাৰ কথা আছিল।কিন্ত পৰীক্ষালৈ মাত্ৰ ২০ দিন থকা অৱস্থাতে পৰীক্ষাৰ পাঠ্যক্ৰম সলনি কৰা হয়।লগে লগে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।পৰিস্থিতি এনে পৰ্যায় পায় যে একাংশ প্ৰাৰ্থী আদালতৰ দ্বাৰস্থ হয়।ইয়াৰ ফলত অহা ১৯ জানুৱাৰীলৈ পৰীক্ষাটো পিছুৱাই দিয়াৰ সিদ্ধান্ত লয় চৰকাৰে।শেহতীয়াকৈ মাধ্যামিক শিক্ষা সঞ্চালকালয়ে পুনৰ জাৰী কৰিছে নতুন জাননী।অহা ৩ জানুৱাৰীৰ পুৱা ১১ বজাৰ পৰা এডমিট কাৰ্ডসমূহ উপলব্ধ হ’ব বুলি সদৰী কৰিছে মাধ্যামিক শিক্ষা সঞ্চালকালয়ে।পৰীক্ষাৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে ৩ জানুৱাৰীৰ পৰা madhyamik.assam.gov.in অফিচিয়েল ৱেবছাইটৰ পৰা তেওঁলোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *