প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে সমগ্ৰ অসমৰ ৫৩ টা স্থানত এক বৃহৎ ৰক্তদান শিবিৰ আয়োজন কৰে ৰাজ্য ৰচকাৰে।গুৱাহাটীৰ খানাপাৰাত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।তাত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।লগতে উপস্থিত থাকে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী অশোক সিংঘল আৰু অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ এগৰাকী বৰণ্য ব্যক্তিত্ব অভিনেতা প্রাঞ্জল শইকীয়া।ভাৰতীয় জনতা পাৰ্টীৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগতো জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে ‘জীৱন সুৰভি’ শীৰ্ষক এক কাৰ্যসূচী পালন কৰা হয়।মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ মৰিগাঁও জিলাৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে এই ৰক্তদান শিবিৰত।আনহাতে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰক্তদান কৰি কয়, “জুবিন দাৰ স্মৃতিত আজি মই ৰক্তদান কৰিলোঁ, আজিৰ সৈতে মই ৫৭ বাৰ ৰক্তদান কৰিছোঁ, সুখী অনুভৱ কৰিছোঁ, জুবিন দাই দি যোৱা আৰ্দশৰে মোৰ লগতে যুৱচামো আগবাঢ়ি যাব।”
গোলাঘাটত ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ দলৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু প্ৰশাসনৰ সহযোগতো গোলাঘাটৰ এনাজৰী বিবাহ ভৱনত ৰক্তদান শিবিৰ আয়োজন কৰে। দলীয় কৰ্মীৰ লগতে সাধাৰণ ৰাইজ ,পুৰুষ-মহিলা উভয়ে ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে।ওদালগুৰিতো আয়োজন কৰা ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰে ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টীৰ ভাৰপ্ৰাপ্ত সভাপতি বিকন চন্দ্ৰ ডেকা, জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি সমৰ হাজৰিকা, সাধাৰণ সম্পাদক নিতু শইকীয়াকে ধৰি শতাধিক কৰ্মকৰ্তাই ।কালি ৰক্তদান কাৰ্যসূচীৰ দ্বাৰা প্রায় ৫,৩০০ ইউনিট ৰক্ত সংগ্ৰহ কৰি বিভিন্ন চিকিৎসালয়ৰ ৰক্ত ভঁৰাললৈ প্ৰেৰণ কৰা হৈছে, যিটো অন্য এক অভিলেখ হিচাপে পৰিগণিত হৈছে।জুবিন গাৰ্গৰ আৰ্দশ এতিয়াও অসমবাসীয়ে জীয়াই ৰাখিছে।