এদিনৰ বাবে বিধায়ক অখিল গগৈক মুখ্যমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

Share

এদিনৰ বাবে বিধায়ক অখিল গগৈক মুখ্যমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ দিলে মুখ্যমন্ত্ৰী শৰ্মাই।বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনত ভূমি পট্টা প্ৰদানক লৈ হোৱা আলোচনাত সৃষ্টি হোৱা বিৰ্তকত এই প্ৰস্তাৱ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।উল্লেখযোগ্য যে ৰাজ্যৰ ভূমিহীন লোকক ভূমি পট্টা প্ৰদানৰ বিষয়টোক লৈ সদনত সৰৱ হৈ পৰে বিধায়ক অখিল গগৈ।অখিল গগৈক প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয় যে,উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মতেহে ভূমিহীনক ভূমিপট্টা কেনেকৈ প্ৰদান কৰিব লাগে তাৰ গাইড লাইন আছে।গতিকে এই সকলোবোৰ দিশ পৰ্যালোচনা কৰি ভূমি পট্টা বিষয়টো আগবঢ়াই নিয়া হৈছে।সকলো লোককে ভূমিপত্তা প্ৰদান কৰোতো সম্ভৱ নহয়।

মুখ্যমন্ত্ৰীৰ এই উত্তৰৰ পাছতে পুনৰ সৰৱ হৈ পৰে বিধায়ক অখিল গগৈ।অখিল গগৈক পুনৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে তেওঁক এদিনৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ দিয়ে।অখিল গগৈৰ মুখ্যমন্ত্ৰীৰ এই এদিনীয়া কাৰ্যকালত ভূমি পট্টা প্ৰদান আৰু সকলো ভূমি বেদখল কৰি দেখুৱাওক বুলি প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *