ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মগ্ৰহণ কৰিছিল মেহছানাত ১৯৫০ চনৰ ১৭ ছেপ্তেম্বৰত।নৰেন্দ্ৰ মোদী হৈছে সৰ্বাধিক দীৰ্ঘদিনীয়া অকংগ্ৰেছী প্ৰধানমন্ত্ৰী আৰু দুটা সম্পূৰ্ণ কাৰ্যকাল সম্পূৰ্ণ কৰা প্ৰথমজন অকংগ্ৰেছী নেতা।মোদীয়ে ২০১৪ চনৰ পৰা বৰ্তমানলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি আহিছে।তাৰ পূৰ্বে তেখেত ২০০১ চনৰ পৰা ২০১৪ চনলৈ গুজৰাটৰ মুখ্যমন্ত্ৰী পদত অধিস্থিত আছিল।মোদীৰ সম্পূৰ্ণ নাম নৰেন্দ্ৰ দামোদৰ দাস মোদী।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ ৭৬তম জন্মদিনটো মধ্যপ্ৰদেশৰ ধৰত এখন মেগা টেক্সটাইল পাৰ্ক উদ্বোধন কৰি উদযাপন কৰিব।প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ অন্য দেশত জনপ্ৰিয়তা অধিক।তেখেতে জুলাই মাহৰ বিশ্বৰ নেতাসকলৰ ‘গণতান্ত্ৰিক নেতা অনুমোদন ৰেটিং’ৰ তালিকাত ৭৫ শতাংশৰে শীৰ্ষস্থান দখল কৰিছিল।বিগত ১১বছৰত তেখেতে ৰাষ্ট্ৰীয় লগতে আন্ত:ৰাষ্ট্ৰীয় মঞ্চতো দেশক সাহসেৰে নেতৃত্ব দিছে।
তেখেতে তেখেতৰ ২০১৯চনৰ জন্মদিনত গুজৰাটৰ নমামী নৰ্মদা উৎসৱত উপস্থিত থাকি,২০২০ আৰু ২০২১ চনৰ জন্মদিনত ক’ভিড মহামাৰীৰ সময়ত খাদ্য আৰু ৰক্তদান শিবিৰ আয়োজন কৰি,২০২২ চনৰ জন্মদিনত নামিবিয়াৰ পৰা অনা চিতাবাঘ মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি,২০২৩ চনৰ জন্মদিনত পি.এম.বিশ্বকৰ্মা আঁচনি উদ্বোধন কৰি আৰু ২০২৪ চনৰ জন্মদিনত ভুৱনেশ্বৰত মহিলা কেন্দ্ৰিক আঁচনি উদ্বোধন কৰি উদযাপন কৰিছিল।
অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ শুভক্ষণত পুনৰ শুভাৰম্ভ কৰা হ’ব অৰুণোদয় ৩.০ আঁচনি।মহিলাসকলে মাহেকত লাভ কৰিব ১২৫০ টকাকৈ।