প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ডিজিটেল আন্দোলনৰ লগতে ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী দেখা পোৱা গৈছে। ১৫ অক্টোবৰত বাক্সাত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পিছতে এক আশাব্যঞ্জক খবৰ আহিছে ।
মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায়ৰ দিশে এখোজ আগুৱাই যাবলৈ সক্ষম হৈছোঁ বুলি উল্লেখ কৰি জনাই অহা ২০ অক্টোবৰত অসম আৰক্ষীৰ SIT ৰ মুৰব্বী ADGP মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত ছিংগাপুৰলৈ ৰাওনা হ’ব SITৰ দল।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে কয়—
“আমাৰ প্ৰিয় জুবিন গাৰ্গৰ ন্যায়ৰ দিশে আৰু এখোজ আগুৱাই যাবলৈ সক্ষম হৈছো ৷ অহা ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষী কৰ্তৃপক্ষই অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান আৰু বিশেষ তদন্তকাৰী গোটৰ (SIT) মুৰব্বী বিষয়া শ্ৰীমুন্না গুপ্তাৰ নেতৃত্বত অসমৰ আৰক্ষী দলৰ সৈতে সাক্ষাতত মিলিত হ’ব । সেই উদ্দেশ্যে ২০ অক্টোবৰৰ দিনা দলটো ছিংগাপুৰলৈ ৰাওনা হ’ব
আমাৰ ঐক্যবদ্ধ সংকল্প — জুবিনৰ ন্যায়ে নিশ্চয়েই মৰ্যাদা পাব ।”
২০ অক্টোবৰত ৰাওনা হ’বলগীয়া অসম আৰক্ষীৰ দলটোৱে ২১ অক্টোবৰৰ দিনা ছিংগাপুৰ আৰক্ষীক লগ ধৰি বৈঠকত মিলিত হ’ব।
হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই বহুতো প্ৰশ্ন উত্থাপন হৈছিল। তাৰ মাজতেই এটা আছিল জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাস্থলী, ছিংগাপুৰলৈ নোযোৱাকৈ অসম আৰক্ষীয়ে কি দৰে ন্যায় দিব বুলি প্ৰশ্ন উত্থাপন কৰিছিল জুবিন অনুৰাগী লগতে শাসক বিৰোধী পক্ষই।
সম্পূৰ্ণ এমাহ দুদিনৰ পিছতে আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়মৰ বাধ্যবাধকতাৰ পিছত জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ সন্দৰ্ভত ছিংগাপুৰত উপস্থিত হ’ব অসম আৰক্ষীৰ তদন্তকাৰী দল । অসম আৰক্ষীয়ে ছিংগাপুৰ আৰক্ষীৰ পৰা কি কি তথ্য লাভ কৰিব বা নিজে অসম আৰক্ষী ছিংগাপুৰলৈ যোৱাৰ পিছত ঘটনাস্থলীলৈ যাব পাৰিবনে নোৱাৰে ? লগতে কিমান ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিব সেইয়া হ’ব লক্ষণীয় ।