সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাট ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

Share

সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাট ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।অপাৰেছন সেন্দূৰৰ পিছত এয়া প্ৰধানমন্ত্ৰী মোডীৰ প্ৰথম গুজৰাট ভ্ৰমণ।সোমবাৰে পুৱা বদোদৰাত উপস্থিত হয় প্ৰধানমন্ত্ৰী।ইয়াৰ পিছত দহোদত ৯০০০ হৰ্চ পাৱাৰ ইঞ্জিন প্লাট উদ্বোধন কৰে তেওঁ।প্ৰধানমন্ত্ৰী মোডীয়ে দহোদত এখন ৰাজহুৱা সভাতো ভাষণ দিয়ে।ভাষণ আৰম্ভ কৰাৰ সময়ত তেওঁ প্ৰথমে গুজৰাটী ভাষাত ৰাইজক সম্ভাষণ জনায়।লগতে নিজৰ ভাষণৰ লগতে অপাৰেছন সেন্দূৰৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে দহোদতো মাতৃ-ভগ্নীয়ে অপাৰেছন সেন্দূৰৰ বাবে ত্যাগ স্বীকাৰ কৰিছে।মহৰ্ষি দধিচিয়ে নিজৰ মৃতদেহ দহোদত এৰি থৈ গৈছিল।জন্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে যি কাৰ্য সংঘটিত কৰিলে,মোডী মৌন হৈ থাকিব পাৰিবনে? যিয়ে এই কাম কৰে মোডীয়ে তেওঁক ধ্বংস কৰিব।এয়া কেৱল অপাৰেছন নহয়।মোদীৰ সৈতে মুখামুখি হোৱাটো কিমান কঠিন হ’ব সেয়া সপোনতো কল্পনা হোৱা নাছিল সন্ত্ৰাসবাদীয়ে।কল্পনা কৰকচোন,সন্তানৰ সন্মুখত এজন পিতৃক গুলীয়াই হত্যা কৰা হৈছিল।আজিও ছবিখন দেখিলে মোৰ তেজ উতলি উঠে।সেয়ে মোডীয়ে দেশবাসীয়ে বিচৰা কামেই কৰিলে।

তেওঁ কয়- “পৃথিৱীয়ে কেতিয়াও দেখা নোপোৱা এক কাম আমাৰ বীৰসকলে কৰিলে। আমি ২২ মিনিটত বিচাৰি উলিয়াই সকলো মাটিত মিলাই দিলোঁ।পাকিস্তানী সেনাই যেতিয়া দুঃসাহস দেখুৱালে,তেতিয়া ভাৰতীয় সেনায়ো ইয়াক যোগ্য প্ৰত্যুত্তৰ দিলে। বিভাজনৰ পিছত যিখন দেশৰ জন্ম হৈছিল,তাৰ এটাই লক্ষ্য আছে,ভাৰতৰ ক্ষতি কৰা।আমাৰ লক্ষ্য এখন উন্নত ভাৰত।আমি সেই দিশত কাম কৰি আছো।”

আনহাতে ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়,“২০১৪ চনৰ আজিৰ দিনটোতে মই প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলোঁ।মই দেশৰ সেৱাত ব্যস্ত।এই বছৰবোৰত দেশখনে এনে সিদ্ধান্ত গ্ৰহণ কৰিছিল যিবোৰ কল্পনাও কৰিব নোৱাৰা আছিল।এই বছৰবোৰত আমি দশক দশক পুৰণি শিকলি ছিঙি পেলাইছো।প্ৰতিটো খণ্ডতে দেশে অগ্ৰগতি লাভ কৰিছে।আজি দেশখনে হতাশাৰ অন্ধকাৰৰ পৰা ওলাই আহি আত্মবিশ্বাসৰ পোহৰত ত্ৰিৰংগা উত্তোলন কৰিছে।আজি আমি ১৪০ কোটি ভাৰতীয়ই আমাৰ দেশক এখন উন্নত ভাৰত হিচাপে গঢ়ি তোলাৰ বাবে সকলো শক্তিৰে মিলি কাম কৰি আছো।”তেওঁ লগতে কয়, “দেশৰ প্ৰগতিৰ বাবে যি লাগে, আমি নিজেই ভাৰততে বনাব লাগে, এয়া আজিৰ সময়ৰ দাবী।আজি ভাৰতে উৎপাদন জগতত দ্ৰুত গতিত আগবাঢ়িছে ।”

Leave a Reply

Your email address will not be published. Required fields are marked *