আজি অসম দিৱসৰ দিনটোত সকলোৱে স্মৰণ কৰিছে চাওলুং চ্যুকাফা

Share

আজি অসম দিৱস,সমগ্ৰ ৰাজ্যই স্মৰণ কৰিব চাওলুং চ্যুকাফাক।১২২৮ খ্ৰীষ্টাব্দত সুদূৰ ম্যানমাৰৰ পৰা আহি পোন প্ৰথমে অসম মুলূকৰ  নামৰূপত ভৰি থৈ ৬০০ বছৰীয়া ইতিহাসৰ খুপনি পুটি সকলো জাতি-জনজাতিক একতাৰ দোলেৰে বান্ধি বৰঅসমৰ ভেটি গঢ়ি প্ৰতি মুহূৰ্তত অসমী আইৰ ৰক্ষাৰ স্বাৰ্থত ঠিয় দিয়া আহোমক লৈ প্ৰতিজন অসমীয়াই গৌৰৱ কৰে।যি সময়ত ভাৰতৰ বিভিন্ন ঠাই মোগলৰ ভয়ত কঁপি আছিলতেনে সময়ত এই আহোমেই ১৭ বাৰকৈ মোগলৰ সৈতে যুঁজ দি জয়ী হবলৈ সক্ষম হৈছিল।যি সময়ত অসমীয়া সমাজখন সামাজিক,অৰ্থনৈতিক,সাংস্কৃতিক আদি বিভিন্ন দিশত পিছপৰি আছিলতেনে সময়তে অসমীয়া সমাজখনৰ প্ৰত্যেকটো দিশ আগুৱাই নিয়াত প্ৰতিজন আহোমৰজাই অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল।গতিকে আহোমৰ কথা কবলৈ হলে আমি প্ৰথমে নাম লব লাগিব সুদূৰ ম্যানমাৰৰ পৰা আহি ১২৫৩ খ্ৰীষ্টাব্দত  চৰাইদেওত ৰাজধানী পতা আহোমৰ পিতামহ স্বৰূপ চাওলুং চ্যুকাফাৰ কথা। চ্যুকাফাক সেই সময়ত অসমৰ স্হানীয় লোকসকলে আদৰি লোৱাৰ কাৰণ আছিল তেওঁৰ সৰলতা,সেই সময়ৰ সমাজখনৰ সৈতে ,সমাজৰ মানুহখিনিৰ সৈতে কোনো আপত্তি নকৰাকৈ মিলি যাব পাৰিছিল তেওঁ। এক সুন্দৰ চিন্তাধাৰেৰে ৬০০ বছৰীয়া শাসনৰ খুপনি পুটিছিল চ্যুকাফাই।তেওঁ লগত লৈ আনিছিন বুঢ়াগাঁহাই,বৰগোঁহাই নামেৰে দুজন মন্ত্ৰী।তেওঁৰ দিনৰ পৰাই আৰম্ভ হৈছিল বুৰঞ্জী লিখাৰ দৰে এটা মহান কাম।ৰাজনীতিৰ উৰ্ধত থাকি চ্যুকাফাৰ আদৰ্শ অনুসৰণ কৰি আহোমৰ প্ৰত্যেকজন ৰজাই অসমীয়া জাতিৰ স্বাৰ্থত অসমীয়া সমাজৰ স্বাৰ্থত সদায় ঠিয় দিছিল। এইখিনিতে বিভিন্ন কৌশল  অনুসৰন কৰি নৰীয়া দেহাৰে মোগলৰ বিৰুদ্ধে যুঁজ দিয়া লাচিত বৰফুকনক স্মৰণ নকৰিলে অসমীয়া হিচাপে ভুল কৰা হব। মাতৃভূমিৰ সেৱা দেহৰ প্ৰতি শিৰাই শিৰাই বৈ থকা আহোমৰ ইতিহাস খুচঁৰিবলৈ হলে আৰু বহু কথাই পাতিব লাগিব। শেষত আজি অসম দিৱসৰ দিনটোত চাওলুং চ্যুকাফাক শ্ৰদ্ধাৰে সুঁৱৰিছো। 

Leave a Reply

Your email address will not be published. Required fields are marked *