এটা মাহত প্ৰায় চাৰিবাৰ।এটা মাহৰ ভিতৰত প্ৰায় চতুৰ্থবাৰ ঋণ লবলৈ সাজু অসম চৰকাৰ।যোৱা ৬ মে’ত ৯০০ কোটি টকা, ১৩ মে’ত ৫০০ কোটি টকা আৰু ২০ মে’ত ৭০০ কোটি টকা ঋণ লোৱাৰ পাছত এতিয়া পুনৰবাৰ ৰাজ্য চৰকাৰেখনে ২৭ মে’ত ৫০০ কোটি ঋণ লোৱাৰ বাবে সাজু হৈছে।পাঁচ বছৰৰ বাবে গৰ্ভমেন্ট ষ্টক নিলামৰ জৰিয়তে এই ঋণ গ্ৰহণ কৰাৰ বাবে ইতিমধ্যে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে অসম চৰকাৰে।এই হিচাপত এটা মাহত লোৱা ঋণৰ পৰিমাণ হ’ব ২৬০০ কোটি টকা।উল্লেখ্য যে দেশৰ মহাগাণনিকৰ প্ৰতিবেদনত ৰাজ্যৰ বিত্তীয় অৱস্থা পৰ্যৱেক্ষন কৰি ৰাজহুৱা ঋণৰ বৰ্ধিত বিকাশৰ হাৰ লাঘৱ কৰাৰ লগতে অপ্ৰয়োজনীয় ৰাজহ ব্যয় হ্ৰাসৰ জৰিয়তে ৰাজহুৱা ঋণৰ চাপ পৰিহাৰ কৰিবলৈ বাৰম্বাৰ সকীয়াই দি অহাৰ পাছতো ৰাজ্য চৰকাৰে কিন্ত ঋণ লোৱাৰ ক্ষেত্ৰত অলপো থমকি ৰোৱা নাই।বৰঞ্চ প্ৰতিমাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈহে আছে।এখনৰ পিছত আনখনকৈ হিতাধিকাৰী সৃষ্টিকাৰী আঁচনি ৰূপায়ন কৰিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বধীন ৰাজ্য চৰকাৰখনে এতিয়া প্ৰতিমাহে ঋণ ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।
আনহাতে ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অধিক হিতাধিকাৰী আঁচনি ৰূপায়নত মনোনিৱেশ কৰিছে।যাৰ বাবে ক্ৰমাৎ বৃদ্ধি পাইছে ৰাজ্যখনৰ ঋণৰ বোজা।এনেদৰে ঋণ লোৱাৰ ফলত ৰাজ্যৰ ৰাজকোষৰ পৰা সুদৰ নামত বৃহৎ অংকৰ ধন প্ৰতিমাহে ওলাই গৈছে।যোৱা আঠ মাহত সুদৰ বাবত ভৰিবলগীয়া হৈছে প্ৰায় ৪২ হাজাৰ কোটি টকা।প্ৰতিবছৰে সুদৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত আনকি ২০২৩-২৪ বিত্তীয় বৰ্ষত চৰকাৰখনে ভৰিবলগীয়া হৈছিল সৰ্বাধিক ৮৮১৫ কোটি টকাৰ সুদ।ঋণ লোৱাৰ ক্ষেত্ৰত পূৰ্বৰ সকলো মুখ্যমন্ত্ৰীক পিছ পেলাইছে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।যাৰ ফলত এতিয়া ৰাজ্যবাসীৰ ওপৰত ঋণৰ বোজা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।