অনালি শৰ্মা
টকিঅ’ ২৬ জুলাই : সুদীৰ্ঘ তিনি বছৰৰ পাছত আকৌ একে ঘটনাৰে পুনৰাবৃত্তি ঘটিল টকিঅ’ অলিম্পিকত । ২১ বছৰীয়া উটাই মহিলাৰ ৫২ কিলোগ্ৰাম শাখাত স্বৰ্ণপদক লাভ কৰাৰ এঘন্টাৰ পাছতেই পুৰুষৰ ৬৬ কিলোগ্ৰাম শাখাত স্বৰ্ণজয় কৰে ভাতৃ হিফুমিয়ে । ইয়াৰ আগতো তিনি বছৰ পূৰ্বে বিশ্ব চেম্পিয়নশ্বিপৰ একেটা দিনতে দুটাকৈ স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হৈছিল জাপানৰ জুডোকা উটা আবে আৰু হিফুমা আবেই । ১৮ বছৰ দুমাহ বয়সত সৰ্বকনিষ্ঠ মহিলা খেলুৱৈ হিচাপে স্বৰ্ণ জয় কৰাৰ পাছতেই আচৰ্যজনক ভাৱে ভাতৃ হিফুমিয়েও পাইছিল স্বৰ্ণপদক ।