ব্ৰঞ্জৰ পদক জয়েৰে টকিঅ’ অলিম্পিকত উজলিল বজৰং পুনিয়া

Share

বন্দনা হাজৰিকা

চলিত টকিঅ’ অলিম্পিকত আজি অনুষ্ঠিত হোৱা খেলখনত ব্ৰঞ্জৰ পদকৰ বাবে যুঁজ দি অৱশেষত জয়ী হ’ল মল্লযুঁজাৰু বজৰং পুনিয়া । বজৰং পুনিয়াই আজি কাজাখস্তানৰ মল্লযুঁজাৰু নিয়াজেবকৰ বিৰুদ্ধে যুঁজ দি ব্ৰঞ্জৰ পদক আঁজুৰি আনিবলৈ সক্ষম হয় । উল্লেখ্য যে শুকুৰবাৰে অনুষ্ঠিত হৈ যোৱা পুৰুষ মল্লযুঁজৰ ৬৫ কেজি ফ্ৰীষ্টাইলৰ ছেমিফাইনেলত পৰাস্ত হৈছিল বজৰং পুনিয়া । আৰু আজি ব্ৰঞ্জৰ বাবে যুঁজ দি দেশৰ হৈ তৃতীয়টো ব্ৰঞ্জৰ পদক আঁজুৰি আনি দেশবাসীক আন এটি পদক জয়ৰ সোৱাদ দিলে বজৰং পুনিয়াই ।

Leave a Reply

Your email address will not be published. Required fields are marked *