নিবেদিতা ভৰালী
২৬ জুলাই : অসম কেব মজদুৰ সংঘ আৰু গুৱাহাটী কেব ড্রাইভাৰ ইউনিয়নৰ এক সংবাদমেল অনুষ্ঠিত হয়। OLA, UBER দুই প্রতিষ্ঠানৰ বিৰুদ্ধে সৰৱ কেব ড্রাইভাৰসকল। উল্লেখযোগ্য যে ১ আগষ্টৰ পৰা গুৱাহাটীত OLA, UBERৰ গাড়ী নচলে ।OLA, UBER ক সামূহিকভাৱে চালকসকলে বৰ্জ্ন কৰিছে। জানিব পৰা মতে Peindia ত অন্তৰ্ভূক্ত হ’ব কেব চালকসকল। ১ আগষ্টৰ পৰা Peindia App ৰ যোগেদিহে বুক কৰিব পাৰিব কেব। আনহাতে ১৬ হাজাৰৰো অধিক চালকে গাড়ী চলাই আছিল OLA, UBERৰ অধীনত। ৬০০০ ড্রাইভাৰ ইতিমধ্যেই অন্তৰ্ভূক্ত হৈছে Peindia ত। কোৰোনাৰ এই জটিল সময়ত ১০ হাজাৰ কেব চালক নিবনুৱা হৈ থাকিব লগিয়া হৈছে।