সুস্মিতা বৰা
নতুন দিল্লী,২৩ জুলাই: উৰিষ্যাৰ সাগৰ পাৰত দিনৰ ভাগত আকাশলৈ নিক্ষেপ কৰা নতুন প্ৰজন্মৰ ‘আকাশ’ নামৰ বহুমাএিক এটা মিছাইলৰ যোৱাকালি এক সফল সম্পৰীক্ষা সম্পন্ন হয়।
ডি. আৰ ডি অ’ৰ দ্বাৰা এই সম্পৰীক্ষা চলোৱা হৈছিল, ডি আৰ ডি হৈছে ভাৰতীয় প্ৰতিৰক্ষা গবেষণা প্ৰতিষ্ঠান।
এই মিছাইল সম্পৰীক্ষাৰ পাছতেই কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সম্পৰীক্ষাটোৰ বিষয়ে আমাক ভালদৰে জানিবলৈ দিয়ে,তেওঁ কয় যে দিনৰ ১২.৪৫ বজাত এই সম্পৰীক্ষাটো সম্পন্ন কৰা হয়। নতুন কৌশল প্ৰণালীৰে এই মিছাইল নিৰ্মাণ কৰাৰ বাবে ইয়াৰ নাম আকাশ-এনজি ৰখা হৈছে। এই নতুন প্ৰজন্মৰ আকাশ মিছাইল পূৰ্বৰ আকাশ মিছাইল সমূহতকৈ বহুগুণে শক্তিশালী, এই মিছাইলে ২৫ কিলোমিটাৰ দূৰত্বত থকা শক্ৰৰ শিবিৰত অনায়াসে অভিযান চলাব পাৰিব।
এই মিছাইলৰ সকলো নিৰ্মাণ প্ৰক্ৰিয়া হায়দৰাবাদত থকা ডি আৰ ডি অ’ৰ পৰীক্ষাগাৰত কৰা হৈছিল। এই মিছাইলে বায়ুসেনা বাহিনীক বিশ্বৰ ভিতৰত প্ৰথম স্থানলৈ যাতে লৈ যাব পাৰে আৰু শক্ৰৰ শিবিৰত যাতে অনায়াসে অভিযান চলাবলৈ সক্ষম হয় সেয়াই আশাবাদী।