১০ আগষ্ট পৰ্যন্ত কৰিব নোৱাৰিব নূপুৰ শৰ্মাক গ্ৰেপ্তাৰ

Share

নিউজ ডেস্ক,২০ জুলাইঃ  বিজেপিৰ বহিষ্কৃত নেত্ৰী নূপুৰ শৰ্মাক ১০ আগষ্ট পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি মঙলবাৰে উচ্চতম ন্য়ায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে। মঙলবাৰে ন্য়ায়াধীশ সূৰ্যকান্ত আৰু জে বি পাৰদিওয়ালাৰ দুজনীয়া বিচাৰপীঠে কালি দাখিল কৰা নূপুৰ শৰ্মাৰ গ্ৰেপ্তাৰ স্থগিতৰ আবেদনৰ আৰ্জিৰ ভিত্তিত এই নিৰ্দেশনা জাৰি কৰে ।

উল্লেখযোগ্য় যে, পয়গম্বৰ হজৰত মহম্মদ সন্দৰ্ভত বিতৰ্কিত মন্তব্য় কৰাৰ বাবে নূপুৰ শৰ্মাৰ গ্ৰেপ্তাৰৰ দাবীত দেশৰ কেইবাটাও ঠাইত কেইবাটাও গোচৰ ৰুজু হৈছিল । 

ইতিমধ্য়ে, বিভিন্ন ঠাইত ৰুজু হোৱা গোচৰসমূহ একেলগে দিল্লীলৈ স্থানান্তৰ কৰাৰ ওপৰত ন্য়ায়াধীশে নিৰ্দেশনা জাৰি কৰিছে । বিভিন্ন ৰাজ্য়ত নূপুৰ শৰ্মাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰসমূহ উঠাই লোৱাৰ নিৰ্দেশ দিছে ন্য়ায়ালয়ে । 

আনহাতে, নূপুৰ শৰ্মাক হত্য়া কৰিবলৈ অহা এজন পাকিস্থানীক ১৬ জুলাইত গ্ৰেপ্তাৰ কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে । এই সন্দেহজনক পাকিস্থানী লোকজনে নূপুৰ শৰ্মাক হত্য়া কৰিবলৈ অহা বুলি স্বীকাৰোক্তি দিছে ।  ১৬ জুলাইৰ নিশা ১১ বজাত শ্ৰীগংগানগৰ জিলাৰ হিন্দু মলকোউ বৰ্ডাৰ ফেন্সিঙৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰি সোধা-পোচা কৰাৰ পিছত লোকজনৰ নাম ৰিজৱান অচৰফ বুলি জানিব পৰা গৈছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *