এতিয়া ভিছা অবিহনে ভ্ৰমণ কৰিব পাৰিব আপোনাৰ মন পচন্দৰ ঠাই

Share

ভাৰতবাসীৰ বাবে এক সু-খবৰ।পাছপ’ৰ্ট সূচাংকৰ ফালৰ পৰা ভাৰতে ৮০তম স্থান লাভ কৰিছে।মঙলবাৰে প্ৰকাশ কৰা হেনলি পাছপ’ৰ্ট ইনডেক্সে প্ৰকাশ কৰা শেহতীয়া ৰেংকিঙে ভাৰতৰ পাছপ’ৰ্টক ৮০ নম্বৰ স্থানত ৰাখি ২০২২চনৰ স্থানৰ পৰা পাঁচটা স্থান বৃদ্ধি কৰি ভাৰতৰ লোকসকলে এতিয়া কোনো ভিছা অবিহনে নিজৰ গন্তব্যস্থানলৈ যাব পাৰিব।

ভাৰতীয় পাছপ’ৰ্টধাৰীসকলে ইণ্ডোনেছিয়া,থাইলেণ্ড,ৰুৱাণ্ডা,জামাইকা আৰু শ্ৰীলংকাৰ দৰে দেশলৈ যাবলৈ ভিছা বিনামূলীয়াকৈ লাভ কৰিলেও কিন্তু সমগ্ৰ বিশ্বৰ ১৭৭টা গন্তব্যস্থানত প্ৰৱেশ কৰিবলৈ এতিয়াও ভিছাৰ প্ৰয়োজন হয়।ইয়াৰে কিছুমান দেশৰ ভিতৰত আছে চীন,জাপান,ৰাছিয়া,আমেৰিকা   আৰু ইউৰোপীয় সংঘৰ দেশক একত্ৰিত কৰি ভাৰতীয় লোকসকলে ভিছা অবিহনে মুঠ ৫৭টা গন্তব্যস্থান ভ্ৰমণ কৰিব পাৰিব।

উল্লেখ্য যে,ড০ খ্ৰীষ্টিয়ান এইচ কেনিলে নিৰ্মাণ কৰা হেনলি পাছপ’ৰ্ট সূচাংক আৰু আন্তঃৰাষ্ট্ৰীয় বিমান কৰ্তৃপক্ষই প্ৰদান কৰা তথ্যৰ ভিত্তিত আটাইতকৈ জনপ্ৰিয় ইন্টাৰৰেক্টিভ অনলাইন সঁজুলি নিৰ্মাণ কৰাৰ লগতে ১৯৯ খন পাছপ’ৰ্ট আৰু ২২৭টা ভ্ৰমণ গন্তব্যস্থান সামৰি লোৱা হৈছে।

ভিছা নীতিৰ পৰিৱৰ্তন কাৰ্যকৰী হোৱাৰ লগে লগে এই ইন্টাৰৰেক্টিভ অনলাইন সঁজুলি বিধ গোটেই বছৰটোৰ বাস্তৱ সময়ত আপডেট কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *