ডিজিটেল ডেস্কঃ এন ডি এ মিত্ৰজোঁট বিজেপিৰ সংগ এৰি নীতিশ কুমাৰে ৯ আগষ্টত বিহাৰৰ ৰাজ্যপাল ফাগু চৌহানৰ ওচৰত মুখ্যমন্ত্ৰী পদৰ পদত্যাগ দাখিল কৰে। নীতিশ কুমাৰৰ জনতা দলে বিহাৰত বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ লগে লগে এন ডি এ ৰাজ্য সভাত বিফলতাৰ সন্মুখীন হয়।
ৰাজ্যসভাত বৰ্তমানৰ আসনৰ সংখ্যা ২৩৭ খন। বৰ্তমান জন্মু আৰু কাশ্মীৰৰ চাৰিটা, ত্ৰিপুৰা এটা আৰু মনোনীত প্ৰাৰ্থীৰ তিনিটা মুঠ ৮টা পদ খালী আছে। ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হৈছে ১১৯। উল্লেখ্য যোগ্য যে এন ডি এ ৰ বৰ্তমান আসনৰ সংখ্যা ১১৫ খন। জে ডি আঁতৰি যোৱাৰ পিছত , এন ডি এৰ সংখ্যা ১১০ জনলৈ হ্ৰাস।