অসমৰ শিক্ষাবিদ, বিশিষ্ট চিন্তাবিদ, সাহিত্যিক, অসমীয়া ভাষাৰ অনন্য সাধক তথা কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক দেৱেন দত্তৰ দেহাৱসান। বৃহস্পতিবাৰে GMCH ত নিশা ১২ বাজি ১০ মিনিটত শিক্ষাবিদ গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
জানিব পৰা মতে শিক্ষাবিদ গৰাকীয়ে হৃদৰোগত আক্ৰান্ত হৈ আছিল। ১১ আগষ্টত স্বাস্থ্য়জনিত কাৰণত গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮১ বছৰ। তেখেত কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপকৰ লগতে কটন কলেজৰ প্ৰাক্তন উপাধ্যক্ষও আছিল।
যোৰহাটৰ গতি সাংস্কৃতিক গোষ্ঠীয়ে ৰেণু কলিতা সোঁৱৰণী ২০২২ বৰ্ষৰ ‘ অসম গৌৰৱ বঁটা ‘ আগবঢ়ায়। তাৰ উপৰিও তেখেতৰ ‘ চিৰ এলাগী মোৰ ভাষা ফেদেলী’ শীৰ্ষক গ্ৰন্থখন আছিল অন্যতম লেখা। লগতে তেখেতৰ বহুতো তত্বগধূৰ লেখা অসমৰ বাতৰি কাকতসমূহত প্ৰকাশ পাইছিল। তেখেতে ৰাজনৈতিক বিচাৰ ধাৰাও বিভিন্ন সময়ত সংবাদ মাধ্যত ব্যক্ত কৰা দেখা গৈছিল।