আজি কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হব নৰ্থ ইষ্ট ইউনাইটেড

Share

আজি কোকৰাঝাৰৰ চাই ষ্টেডিয়ামত ছেমিফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে ইণ্ডিয়ান আৰ্মিৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অংশ ল’ব ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে৷ চলিত ডুৰাণ্ড কাপত সুন্দৰ প্ৰদৰ্শনেৰে ঘৰুৱা দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে নৰ্থ ইষ্ট ইউনাইটেডে।উল্লেখ্য যে নিজ গ্ৰুপৰ শীৰ্ষত আছে দলটো।ইতিমধ্যে দলটোৱে উৰিষ্যা এফ.চিৰ উপৰিও বহুকেইটা দলক পৰাস্ত কৰিছে। আজি হ’বলগীয়া খেলখনত দৃষ্টিনিৱদ্ধ থাকিব অসম সন্তান পাৰ্থিৱ গগৈৰ ওপৰত।খেলখনক লৈ সমগ্ৰ দেশতে ব্যাপক চৰ্চা চলি থকা দেখা গৈছে।

উল্লেখযোগ্য যে স্হানীয় সময় অনুসৰি ঠিক ৪ বজাৰ লগে লগে খেলখন আৰম্ভ হব।যদিহে উক্ত খেলখনত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে জয় লাভ কৰে তেতিয়া হলে ধাৰাবাহিকভাৱে দ্বিতীয়বাৰলৈ ছেমিফাইনেলত প্ৰৱেশ কৰিব দলটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *