মাধুৰীমা ৰায়
ইটানগৰ, ১৯ আগষ্ট: কৰ্কট ৰোগৰ ৰাজধানীত পৰিণত হৈছে উত্তৰ-পূৰ্বাঞ্চল। এখন চৰকাৰী প্ৰতিবেদনৰ মতে, পুৰুষ আৰু মহিলাৰ ক্ষেত্রত অৰুণাচল প্রদেশৰ পাপুমপাৰে জিলা আৰু মিজোৰামৰ আইজলত নতুনকৈ পোৱা কৰ্কট ৰোগীৰ সংখ্যা দেশৰ ভিতৰতে বেছি। ইণ্ডিয়ান কাউন্সিল অব্ মেডিকেল ৰিছাৰ্চ (আই চি এম আৰ) আৰু নেচনেল চেন্টাৰ ফৰ ডিজিজ ইনফৰমেটিকছ এণ্ড ৰিছাৰ্চ (এন চি ডি আই আৰ) ৰ শেহতীয়া প্রতিবেদনত প্রকাশিত তথ্য মতে, পাপুমপাৰে জিলাত মহিলাৰ ভিতৰত প্ৰতি এক লাখত ২১৯.৮ গৰাকী ৰোগী আছে। মিজোৰামৰ ৰাজধানী আইজলত পুৰুষৰ ক্ষেত্রত প্রতি এক লাখত ২৬৯.৪ গৰাকী ৰোগী আছে।
পাছিঘাটৰ বি পি জি হাস্পতালৰ পপুলেচন বেজড কেন্সাৰ ৰেজিষ্ট্ৰীৰ মুখ্য গৱেষক ডাঃ কলিং জিৰাঙে কৰ্কট ৰোগৰ এই বৰ্দ্ধিত হাৰ দেখি উত্তৰ-পূৰ্বাঞ্চলক দেশৰ কৰ্কট ৰাজধানী আখ্যা দিয়ে।