ডাৱৰ বিস্ফোৰণৰ পিছতে বিভীষিকা নামিছে উত্তৰ ছিকিমত

Share

মঙলবাৰে মাজনিশাৰ পৰা ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে কালৰূপ ধাৰণ কৰিছে উত্তৰ ছিকিমত । ছিকিমৰ লোনাক হ্ৰদৰ তিস্তা নদীত ডাৱৰ বিস্ফোৰণৰ পিছত সৃষ্টি হোৱা বানপানীৰ ফলত সেনা জোৱানসহ ১৪জনকৈ লোক নিহত হোৱাৰ উপৰিও সন্ধানহীন হৈছে প্ৰায় ১০২জনকৈ লোক, ইয়াৰে ২২জন সেনা জোৱান ।

জানিবপৰা মতে দুৰ্ঘটনাসন্দৰ্ভত শেহতীয়াকৈ ছিকিম চৰকাৰে এলানি তথ্য প্ৰকাশ কৰি জনায় যে বুধবাৰে সন্ধানহীন হোৱা সেনা জোৱানৰ ভিতৰত এজনক উদ্ধাৰ কৰা হৈছে । মঙলবাৰে আৰু বুধবাৰে মাজনিশা প্ৰায় ১.৩০ বজাত আৰম্ভ হোৱা ছিকিমৰ বান পৰিস্থিতিৰ মাজতে চুংথাং বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত পৰিস্থিতিৰ মাজতে চুংথাং বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে ফলত চুংথাং বান্ধত কৰ্মৰত কেইবাজনো শ্ৰমিকো আৱদ্ধ হৈ পৰিছে । ছিকিমৰ মূখ্যসচিবে কয় যে বানপানীৰ ফলত পথ আৰু দলংকে ধৰি আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি হৈছে । এই পৰ্যন্ত ১৪খন দলং খহি পৰিছে । চুংথাং বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত হ্ৰদটোৰ পানীৰ স্তৰ হঠাতে ১৫ৰ পৰা ২০ ফুট বৃদ্ধি পাইছে বুলি প্ৰতিৰক্ষা মুখপাত্ৰই জানিবলৈ দিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *