ইউনুছ আলী ১৩ ছেপ্তম্বৰঃ দীৰ্ঘদিনৰ অপেক্ষাৰ পিছত পুনৰ আৰম্ভ হল অসমৰ এখন বিশেষ বজাৰ। গহপুৰৰ অসম অৰুণাচল সীমান্তৱতী খেৰগেট অঞ্চলত মহিলাৰ দ্বাৰা পৰিচালিত এখন সাপ্তাহিক বজাৰ। কভিড পৰিস্হিতিৰ বাবে বন্ধ হৈ থকা সাপ্তাহিক বজাৰ পুনৰ খুলিবলৈ প্ৰশাসনে অনুমতি দিয়াত বৰ্তমান স্বাভাৱিক হৈ পৰিছে বজাৰ সমূহ।
গহপুৰৰ অসম অৰুণাচল সীমান্তৱতী খেৰগেট অঞ্চলত মহিলাৰ দ্বাৰা পৰিচালিত বজাৰখনো এতিয়া পুনৰ আৰম্ভ হৈছে। ৯০শতাংশৰো অধিক মহিলা বিক্ৰেতা থকা এই বজাৰখনত বড়ো সম্প্ৰদায়ক মহিলাই পৰিচালিত কৰে। সকলো মহিলাই নিজৰ ঘৰ অথবা গাঁৱত উ পাদিত শাক পাচলি, ধান, সৰিয়হ, মাহ সামগ্ৰী সমূহ বিক্ৰী কৰে বজাৰখনত। মবিলা সকলৰ এই বজাৰৰ দ্বাৰা নিজকে স্বাৱলম্বী হোৱাৰ লগতে ঘৰখনকো পোহপাল দিয়াত সহায় হৈ পৰিছে।