উত্তৰ-পূব সীমান্ত ৰেলসেৱাত হʼব নতুন সংযোজন 

Share

যুক্তা ৰাণী দাস

উত্তৰ -পূব সীমান্তত বৈদ্যুতিক ৰেল সেৱা আৰম্ভ কৰিবলৈ সাজু হৈছে ৰেল বিভাগ । কামাখ্যা ৰেল ষ্টেচনৰ পৰা বহিঃ ৰাজ্যলৈ বৈদ্যুতিক ইঞ্জিনযুক্ত ৰেল চলিব । ৩৩৫ কি‌‌ মি ৰেলৱে পথ সম্পূৰ্ণ বৈদ্যুতিকৰণ কৰা হৈছে । আগষ্ট মাহৰ পৰা পোন প্ৰথমবাৰৰ বাবে উত্তৰ-পূব ভাৰতত চলিব বৈদ্যুতিক ইঞ্জিনযুক্ত ৰেল । ইতিমধ্যে এই প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হৈছে আৰু কামাখ্যা ষ্টেচনত কৰা হৈছে বৈদ্যুতিক ইঞ্জিনযুক্ত ৰেল ইঞ্জিনৰ পৰীক্ষা । গুৱাহাটী‌ , ডিব্ৰুগড় , হোজাই , লামডিংকে ধৰি সমগ্ৰ উত্তৰ-পূবতে এই ৰেল সেৱা আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে উত্তৰ-পূব ভাৰতৰ ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নিপেন ভট্টাচাৰ্যদেৱে । পোনপ্ৰথমবাৰৰ বাবে নতুন অভীজ্ঞতাৰ সাক্ষী হʼব উত্তৰ-পূব ভাৰতৰ ৰেল যাত্ৰীসকল ।

Leave a Reply

Your email address will not be published. Required fields are marked *