জিৰ’ স্ক্ৰেপ মিছন ড্ৰাইভৰে চহকী হ’ল উত্তৰ পূব সীমান্ত ৰে’লৱে

Share

গুৱাহাটী,২৭ এপ্ৰিল: ২০২৩-২৪ বিত্তীয় বৰ্ষত উত্তৰ পূব সীমান্ত ৰে’লৱেই সৰ্বাধিক পৰিমাণৰ স্ক্ৰেপ বিক্ৰী কৰি অভিলেখ সৃষ্টি কৰিছে । ৰে’লৱেৰ কতৃপক্ষই অব্যৱহৃত বস্তুবোৰ বিক্ৰী কৰি সৰ্বমুঠ ২০২.৮৪ কোটি টকা লাভ কৰিছে যিটো পূৰ্বৰ তুলনাত ৬.৮ শতাংশ বৃদ্ধি পাইছে ।ভাৰতীয় ৰে’লৱেৰ ‘জিৰ’ স্ক্ৰেপ মিছন’ ড্ৰাইভৰ লক্ষ্য হৈছে ষ্টেচন, ডিপো, কৰ্মশালাসমূহ স্ক্ৰেপমুক্ত কৰি ৰখা। এই অভিযান কেৱল স্ক্ৰেপ সামগ্ৰী সংগ্ৰহ কৰাই নহয়, ষ্টেচন, কৰ্মস্থলী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ নান্দনিকতা উন্নত কৰাও হৈছে ইয়াৰ অন্যতম লক্ষ্য ।

Leave a Reply

Your email address will not be published. Required fields are marked *