উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ নাওঁ প্ৰশিক্ষণ কেন্দ্ৰ ৭ বছৰে বন্ধ

Share

সুস্মিতা বৰা

গুৱাহাটী ১৩,চেপ্তেম্বৰঃ গুৱাহাটী পাণবজাৰস্থিত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ নাওঁ প্ৰশিক্ষণ কেন্দ্ৰটি যোৱা ৭ বছৰে বন্ধ হৈ আছে । চৰকাৰৰ অমনোযোগিতাৰ বাবেই ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ এনে নাভুত নাশ্ৰুত ঘটনাৰ সৃষ্টি হৈছে। এইফালৰ পৰা চাবলৈ গ’লে ব্ৰহ্মপুত্ৰৰ জাহাজ নাৱিকৰ প্ৰশিক্ষণ অবিহণেই চলে। নিমাটী ঘাটৰ ভয়ংকৰ নাওঁ দূৰ্ঘটনাৰ পাছতেই সকলোৰে মনত এটাই প্ৰশ্নৰ উদয় হৈছে কাৰ অধীনত আছে জল পৰিৱহন বিভাগ।

পানীৰ ওপৰত থকা নাবিক প্ৰশিক্ষন কেন্দ্ৰটিৰ প্ৰতি চৰকাৰৰ অৱহেলাৰ বাবে এতিয়া মামৰে ধৰিছে জাহাজ সমূহত। জল পৰিৱহন বিভাগৰ গুৱাহাটীৰ পানবজাৰৰ কাৰ্যালয় তদাৰক বিষয়া ব্ৰজেন ভূঞাই সদৰী কৰা মতে নাবিক প্ৰশিক্ষন কেন্দ্ৰটি জীৱিত কৰি পুণৰ নাবিকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *