দেশৰ ভিতৰতে সৰ্ববৃহৎ বিমান বন্দৰৰ দিশে নয়ডা আন্তৰ্জাতিক বিমান বন্দৰ

Share

দেশৰ সৰ্ববৃহৎ বিমান বন্দৰৰ দিশে নিৰ্মীয়মান নয়ডা আন্তৰ্জাতিক বিমান বন্দৰ। ২০২৪ চনৰ ভিতৰত দেশৰ ভিতৰতে সৰ্ববৃহৎ বিমান বন্দৰৰ হিচাপে  চিহ্নিত কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে উত্তৰ প্ৰদেশৰ জোৱাৰ চহৰ অৱস্থিত নয়ডা আন্তৰ্জাতিক বিমান বন্দৰ।

বিমান বন্দৰটিৰ ভিতৰত অৰ্থাৎ টাৰ্মিনেল এলেকাত থাকিব উন্নত মানদণ্ডৰ হোটেল,ৰেস্তোৰা,বিবিধ সামগ্ৰীৰ দোকান তথা বাণিজ্যিক বিপণীসমূহ। এই সা-সুবিধাসমূহ নিৰ্মীয়মাণ বিমান বন্দৰটিৰ টাৰ্মিনেল এলেকাসমূহত উপলব্ধ হ’ব বুলি নয়ডা বিমানবন্দৰৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ৰিষ্টফ শ্নেলমেনে উল্লেখ কৰে। লগতে বিষয়াগৰাকীয়ে মন্তব্য কৰে যে, অহা বৰ্ষৰ ভিতৰতে বিমান বন্দৰটিৰ কাম-কাজ সম্পূৰ্ণ হৈ উঠিব। 

উল্লেখ্য যে, বৰ্তমানৰ প্ৰেক্ষাপটত দেশৰ আটাইতকৈ ডাঙৰ এৰো চহৰ হৈছে হায়দৰাবাদ। যিয়ে ১,৫০০ একৰ ভূমি দখল কৰিছে। জানিব পৰা মতে,  এই নিৰ্মীয়মান অৱস্থাত থকা বিমান বন্দৰটি উন্নত মানদণ্ডৰে ৭,২০০ একৰ ভূমি সামৰি  নিৰ্মাণৰ প্ৰকল্প হাতত লৈছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *