জাৰ্মানী-আমেৰিকাৰ দুই বিজ্ঞানীলৈ ৰসায়নৰ ন’বেল বঁটা প্ৰদান

Share

সুপ্ৰিয়া তৰফদাৰ, ৭ অক্টোবৰঃ  অণু গঠনৰ বাবে দক্ষ নতুন সজুঁলি ‘অৰ্গেনোকটেলাইছিছ’ বিকাশৰ বাবে ২০২১ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে দুই বিজ্ঞানীলৈ।এই বিষয়ে আজি এক বিবৃতিযোগে ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সে ঘোষণা কৰিছে। অণু গঠনৰ জটিল কলাক নতুন গতি প্ৰদান কৰা জাৰ্মানীৰ বেঞ্জামিন লিষ্ট আৰু গ্ৰেট ব্ৰিটেইনত জন্মগ্ৰহণ কৰি আমেৰিকাত থকা বিজ্ঞানী ডেভিদ মেকমিলানক নতুন ঔষধ আৰু ফাৰ্মাচিউটিকেল গৱেষণাত সহায়ক হোৱা অণু গঠনৰ এই নতুন সজুঁলি উদ্ভাৱনৰ বাবে ৰসায়নৰ ন’বেল প্ৰদান কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *