ৰাজ্যৰ কোনো জিলা আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমৰ আগত দিব নোৱাৰিব মন্তব্যঃ জি পি সিং

Share

কেৱল আনন্দ মিশ্ৰই নহয়, এতিয়াৰে পৰা সকলো আৰক্ষী অধীক্ষকে কৰিব লাগিব মুখ বন্ধ। মংগলবাৰে পাঠশালাত  আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰে। অসমৰ কোনো জিলা আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমৰ আগত দিব নোৱাৰিব মন্তব্য। প্ৰত্যেক জিলাতে নিয়োগ কৰা হ’ব আৰক্ষীৰ মুখপাত্ৰ। আৰক্ষীয়ে কি কৰিছে ৰাইজে সেয়া নিৰ্ধাৰণ কৰিব, আৰক্ষীয়ে নিজৰ কথা জনাব নালাগে। 

প্ৰয়োজন সাপেক্ষে সংবাদ মেলত মুখপাত্ৰই বক্তব্য ৰাখিব।আনকি

সংবাদ মাধ্যমৰ আগত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙেও সংবাদ মেল অবিহনে  বক্তব্য ৰখাৰ পৰা বিৰত থাকিব বুলি ঘোষণা কৰে। 

ইপিনে, জুনৰ ভিতৰত সকলো আৰক্ষী উপ-পৰিদৰ্শক সকলে দাখিল কৰিব লাগিব সম্পত্তিৰ হিচাপ। সম্পত্তিৰ হিচাপ দাখিল নকৰা আৰক্ষী উপ-পৰিদৰ্শক সকলক থানা আৰু আৰক্ষী চকীত নিযুক্তি নিদিবলৈ নিৰ্দেশ দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *