ৰাজ ভৱনত নীতিশ কুমাৰৰ শপত গ্ৰহণ

Share

যি আশংকা বা সম্ভাবনা ব্যক্ত কৰা হৈছিল , সেয়াই ঘটিল বিহাৰত। দেশৰ বিৰোধী মৰ্চাৰ গঠনত উদ্যোগ লোৱা বিহাৰৰ মুখ্য়মন্ত্ৰী নীতিশ কুমাৰেই বিৰোধী মৰ্চা তথা মহাজোঁচবন্ধনৰ লগ এৰি আজি নৱমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে। ৰাজভৱনলৈ গৈ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ  আৰ্লেকাৰৰ হাতত পদত্যাগ দাখিল কৰে আৰু বিজেপিৰ লগতে নিজা দল জে ডি ইউৰ ১২৮ গৰাকী বিধায়কৰ সমৰ্থন পত্ৰ দাখিল কৰে।

ইয়াৰ পিছতে ৫ বজাত ৰাজভৱনত নীতুশ কুমাৰে শপত গ্ৰহণ কৰে।মুখ্যমন্ত্ৰীৰ লগতে উপ-মুখ্য়মন্ত্ৰীৰূপে বিজেপিৰ সম্ৰাট চৌধুৰী আৰু বিজয় সিনহাকে ধৰি মুঠতে ৮ গৰাকী কেবিনেট মন্ত্ৰীয়ে শপত লয়। নতুন মন্ত্ৰীসভা তথা নীতিশ কুমাৰক শুভেচ্চা জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন প্ৰশাসনে  ৰাজ্যবাসীৰ আশা- আকাংক্ষা পূৰণ কৰাৰ লগতে উন্নয়নমূলক কাম-কাজ ক্ষিপ্ৰ কৰিব বুলি আশা প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *