‘ৰেডী’, ‘বোল ৰাধা বোল’ৰ দৰে জনপ্ৰিয় ছবিৰ প্ৰযোজক নীতিন মনমোহন আৰু নাই

Share

বলীউদৰ জনপ্ৰিয় ছবি নিৰ্দেশক, প্ৰযোজক তথা গল্পকাৰ নীতিন মনমোহনৰ আজি ৰাতিপুৱা মুম্বাইৰ এখন চিকি९সালয়ত দেহৱসান ঘটে। তেওঁৰ বন্ধু তথা প্ৰযোজক কলীম খানে এই খবৰ নিশ্চিত কৰে। চলিত মাহৰ ৩ তাৰিখে হৃদৰোগত গুৰতৰভাৱে আক্ৰান্ত হেৱাৰ বাবে নীতিন মনমোহনক চিকি९সালয়খনত ভৰ্তি কৰোৱা হৈছিল।

তেওঁৰ কন্যা প্ৰাচীয়ে কয়, “আজি ৰাতিপুৱা প্ৰায় ১০:৩০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। যোৱা তিনি সপ্তাহ ধৰি তেওঁ চিকি९সালয়ত ভৰ্তি হৈ আছে।” প্ৰাচীয়ে তেওঁৰ মৃত্যুৰ কাৰন সম্পৰ্কেও প্ৰতিক্ৰিয়া ব্যক্ত কৰে, “হাৰ্ট এটেক হোৱাৰ পিছত তেওঁৰ মগজুলৈ তেজৰ যোগান আৰু অক্সিজেনৰ অভাৱ হৈছিল আৰু ইয়াৰ ফলত ষ্টেটাচ এপিলেপ্টিকাছৰ সৃষ্টি হৈছিল।”

উল্লেখযোগ্য যে, নীতিন মনমোহনে ‘বোল ৰাধা বোল'(১৯৯২), ‘আৰ্মি'(১৯৯৬), ‘শ্বুল'(১৯৯৯), ‘লাভ কে লিয়ে কুচ ভি কৰেগা'(২০০১), ‘দছ'(২০০৫), ‘য়ামলা পাগলা দীৱানা'(২০১১), ‘ৰেডী'(২০১১) আদিৰ দৰে জনপ্ৰিয় ছবিৰ প্ৰযোজনা কৰিছে। ইয়াৰোপৰি হিন্দী চলচ্চিত্ৰ জগতত তেওঁৰ অৱদান অতুলনীয়। নীতিন মনমোহনৰ বিয়োগে সকলোকে শোকাকুল কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *