নিউজ ডেস্ক, নিপন গোস্বামীৰ দেহাৱসানৰ খবৰৰ পিছতে ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো গভীৰ শোক প্ৰকাশ কৰিছে অভিনেতাগৰাকীৰ মৃত্যুত। অস্তমিত হ’ল অসমৰ সাংস্কৃতিক জগতৰ এক উজ্জ্বল নক্ষত্ৰ। বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ দেহাৱসান। আজি পুৱা ৯.১৫ বজাত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে যশস্বী অভিনেতাগৰাকীয়ে। কিছুদিন ধৰি অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ আছিল নিপন গোস্বামী। নিপন গোস্বামীৰ দেহাৱসানৰ খবৰৰ পিছতে ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো গভীৰ শোক প্ৰকাশ কৰিছে অভিনেতাগৰাকীৰ মৃত্যুত। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শোক প্ৰকাশ কৰিছে নিপন গোস্বামীৰ দেহাৱসানত।
ইফালে, অভিনেতাগৰাকীৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব বুলি জনাইছে ৰাজ্য চৰকাৰে। মন্ত্ৰী অশোক সিংহলে কয় যে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব নিপন গোস্বামীৰ শেষকৃত্য। নিপন গোস্বামীৰ হাস্পতালৰ সকলো খৰচ বহন কৰিব ৰাজ্য চৰকাৰে।