পশ্চিম কাৰ্বি আংলং জিলাৰ তিনি স্থানত নি-ক্ষয় শিবিৰ সম্পন্ন

Share

চলিত ‘সেৱা সপ্তাহ’ৰ অংশ হিচাপে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ৩টা বিভিন্ন স্থানত নি-ক্ষয় শিবিৰৰ আয়োজন কৰা হয়। যক্ষ্মাৰোগ নির্মূলকৰণৰ প্রয়াস হিচাপে আজি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলাখনৰ বৈঠালাংচু খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, বৰকক আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু ডংকামোকাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত এই শিবিৰসমূহত জিলাখনৰ যক্ষ্মাৰোগী বা তেওঁলোকৰ আত্মীয়ৰ মাজত ‘নি-ক্ষয়’ টোপোলা বিতৰণ কৰা হয়। ইয়াত সাধাৰণতে চাউল, চয়াবিন, দাইল, খোৱা তেল আৰু অন্যান্য অত্যাৱশ্যকীয় পুষ্টিকৰ খাদ্যসমূহ অন্তর্ভুক্ত কৰা হয় যাতে ৰোগীৰ আৰোগ্য লাভৰ বাবে সহায়ক হয়। ইফালে সেৱা সপ্তাহৰ অংশ হিচাপে জিলাখনৰ প্ৰতিটো বিধানসভা সমষ্টিতে একোটাকৈ বৃহৎ স্বাস্থ্য শিবিৰ বা মেলাৰ আয়োজন কৰা হৈছে। জিলা যক্ষ্মা নিয়ন্ত্ৰণ সমিতিৰ ন’ডেল বিষয়া ডাঃ মন্তু কুমাৰ শ্যাম জনাইছে যে’ আজি অনুষ্ঠিত হোৱা এই শিবিৰত সৰ্বমুঠ ১৫৮ জন ৰোগীক নি-ক্ষয়’ টোপোলা বিতৰণ কৰা হৈছে। এই অনুষ্ঠানটো আমি বিগত ২২ তাৰিখে কৰা কথা আছিল কিন্তু লুইত কণ্ঠ জুবিন গাৰ্গৰ অকাল বিয়োগৰ বাবে আমি সেইদিনা বাতিল কৰি আজি একেবাৰে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিলোঁ।

আজি বৰককৰ নিক্ষয় শিবিৰ অনুষ্ঠানটো মুকলি কৰে ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ চিকিৎসক ডাঃ জেহেৰুল ইছলামে, আনহাতে ডংকামোকামৰ নিক্ষয় শিবিৰটো মুকলি কৰে ৰংখাং গাওঁ উন্নয়ন সমিতিৰ সভাপতি খনছিং টকবি আৰু বিথুং ৰেংথামা গাওঁ উন্নয়ন সমিতিৰ সভাপতি ৰামাছন ৰংপিয়ে। এই কাৰ্য্যসূচীত উপস্থিত আছিল পশ্চিম কাৰ্বি আংলং জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সঞ্চালক ডাঃ জগতসিং টেৰণ, মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰঞ্জিত কুমাৰ নাথ, হামৰেন মহকুমা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ আলতাফ হুছেইন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, পশ্চিম কাৰ্বি আংলঙৰ জিলা আঁচনি প্ৰৱন্ধক হিল্টন শইকীয়া সহিতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সমূহ বিষয়ববীয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *