১৬ বছৰ হ’ল দৰ্শকসকলৰ আপোন চেনেল নিউজ লাইভ। ২০০৮ চনৰ ২১জানুৱাৰীত আৰম্ভ কৰা হৈছিল নিউজ লাইভ চেনেলটো। দেওবাৰে এই উপলক্ষে হোটেল ৰেডিছন ব্লুত অনুষ্ঠিত কৰা হয় এক বিশেষ অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই অনুষ্ঠানত হাৰ্টথ্ৰব জুবিন গাৰ্গক প্ৰদান কৰা হয় ২০২৩ চনৰ বৰ্ষশ্ৰেষ্ঠ অসমীয়া বঁটা। বঁটা প্ৰদান কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। বঁটা প্ৰদান কৰি জুবিন গাৰ্গক আজিৰ প্ৰজন্মৰ বৰ্ষশ্ৰেষ্ঠ অসমীয়া এজন হৈ থাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ইয়াৰ লগতে আগবঢ়ালে হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ বহুমূলীয়া মন্তব্য। বঁটা লাভ কৰি কৃতজ্ঞতা জনালে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। নৱ বৰ্ষৰ শুভেচ্ছা জনাই নতুন নতুন কাম কৰি যাম বুলি মন্তব্য জুবিন গাৰ্গৰ। ইয়াৰ পিছত গীত পৰিৱেশনৰ লগতে বিভিন্ন জনৰ সৈতে মত প্ৰকাশ কৰে শিল্পীগৰাকীয়ে।