সুপ্রিয়া তৰফদাৰ
* নতুন এছ অ’ পি সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল।
* মন্ত্ৰী গৰাকীয়ে সংবাদমেল সম্বোধন কৰি কয়-কিছু পৰিমানে হ্ৰাস পাইছে কোৰোনাৰ সংক্ৰমণ।অৱশ্যে গুৱাহাটীৰ তথ্য সন্তোষজনক নহয়।গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰত চিন্তা কৰিব লগীয়া এতিয়াও আছে।
* শিথিলতা দিয়া হৈছে নতুন এছ অ’ পি।
* সন্ধিয়া ৬ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়, দোকান-বজাৰ।
* সন্ধিয়া ৭ বজাৰ পৰা হ’ব কাৰ্ফিউ।
* কেৱল ব্যক্তিগত যান-বাহনৰ বাবে আন্তঃজিলা যাতায়ত খোলা থাকিব।
* ১৮ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব এই নতুন এছ অ’ পি।
* কামৰূপ মেট্ৰ’ৰ ক্ষেত্ৰত নাথাকিব এই সুবিধা।
* কামৰূপ মেট্ৰ’ৰ ক্ষেত্ৰত আন্তঃজিলা যাতায়ত বন্ধ থাকিব।
* আনবোৰ জিলাত আন্তঃজিলা যাতায়ত খোলা থাকিব।
* গাড়ীৰ যুগ্ম-অযুগ্ম নম্বৰৰ নিয়ম বাতিল কৰা হৈছে।
* সভা-সমিতি, ৰাজহুৱা অনুষ্ঠানৰ ক্ষেত্ৰত মুকলি ঠাইত অতিৰিক্ত ২০০জন লোক সমবেত হ’ব পাৰিব।
* প্ৰেক্ষাগৃহত ৫০ শতাংশ লোক উপস্থিতি থাকিব পাৰিব সভা-সমিতিত।
* অৱশ্যে এই সভা-সমিতিলৈ যোৱা লোকসকলে ল’ব লাগিব দুই পালি ভেকচিন।
* বিবাহ আদি অনুষ্ঠাত ২৫জনকৈ লোক উপস্থিতি থাকিব পাৰিব।
* অন্তেষ্টিক্ৰিয়া ক্ষেত্ৰতো ২৫জন লোক উপস্থিত থাকিব পাৰিব।
* কামাখ্যা মন্দিৰ বা আনবোৰ মঠ-মন্দিৰত ১ ঘন্টাত ২০জন ভক্তই দৰ্শন কৰিব পাৰিব।
* অন্য ধৰ্মীয় অনুষ্ঠানত সৰ্বাধিক ১০ জন লোকৰ সমাগমৰ অনুমতি দিয়া হৈছে।
* ৰিজৰ্ট, হোটেল, ধাবা, বাৰ ৫০ শতাংশ লোক যাব পাৰিব।
* চিনেমা হল অৱশ্যে বন্ধ থাকিব।
* এমবিবিএছ, বিএছচি নাৰ্ছিং, ইঞ্জিনিয়াৰিং, জিএনএমৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠদান আৰম্ভ হ’ব।
* অৱশ্যে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলোৱে দুই পালিকৈ কোভিড ভেকচিন ল’ব লাগিব।
* দুই পালি কোভিড ভেকচিন লোৱা ব্যক্তি আৰু লগত অন্তিম টেষ্টিঙৰ চাৰ্টিফিকেট আনিলে বিমান বন্দৰত বেলেগকৈ টেষ্টিং কৰিব নালাগে।
* এপালি ভেকচিন লৈ আৰু এপালি ল’বলৈ কেইদিনমান বাকী থকা লোকেও আহিব পাৰিব চৰকাৰী কাৰ্যালয়লৈ।
* ৩ বছৰ বা তাৰ তলৰ শিশু থকা মাতৃয়ে ঘৰৰ পৰাই কাম কৰিব লাগিব।
* আজিৰ পৰাই ৰাজ্যৰ সকলো নামঘৰ মুকলি হ’ব। নামঘৰত ৫০ শতাংশ লোক উপস্থিত থাকিব পাৰিব। নামঘৰতো সামাজিক দূৰত্ব মানি চলিব লাগিব।