ক’ভিড সন্দৰ্ভত শীঘ্ৰে ৰাজ্য চৰকাৰে প্ৰকাশ কৰিব নতুন এছ অ’ পি

Share

পুনৰ ক’ভিডৰ ভেৰিয়েন্ট বি এফ.৭ৰ সৈতে যুঁজ দিবলৈ সাজু সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষ। ইতিমধ্যে ক’ভিডৰ নতুন ভেৰিয়েন্ট অসম আহি পোৱা নাই যদিও অসম চৰকাৰৰ স্বাস্থ্য বিভাগে পুৰ্বৰ দৰে এইবাৰো ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ আগতীয়াকৈ সাজু হৈছে। অহা জানুৱাৰীৰ প্ৰথম সপ্তাহতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰি নতুন এছ অ’ পি জাৰি কৰাৰ ইংগিত দিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। বৰ্তমান ক’ভিডৰ নমুনা সংগ্ৰহ কৰি থকা হৈছে। আনফালে স্বাস্থ্য বিভাগে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি  প্ৰত্যেক হাস্পতালতে আই চি ইউৰ ব্যৱস্থা, অক্সিজেনযুক্ত বিছনাৰ ব্যৱস্থ্য, আইচ’লেটেড ৱাৰ্ড, সাধাৰণ বিছনা আদি সাজু কৰি ৰখা হৈছে। আনহাতে এতিয়াৰ পৰা কাৰোবাৰ  দেহত  ক’ভিড পজিটিভ ধৰা পৰিলে তেওঁ পূৰ্বৰ অ’মিক্ৰনত আক্ৰান্ত নে বি এফ.৭ত আক্ৰান্ত সেয়া পৰীক্ষা কৰি নিশ্চত কৰা হ’ব। ইয়াৰ উপৰিও আন্ত:ৰাষ্ট্ৰীয় বিমানযোগে ক’ভিড সংক্ৰমিত ৰাষ্ট্ৰৰ পৰা ভ্ৰমণ কৰি অহা লোকসকলক নমুনা পৰীক্ষা কৰা ব্যৱস্থা কৰা হৈছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *