আজিৰ পৰা জি.এছ.টিৰ নতুন নিয়ম

Share

যোৱা ছেপ্টেম্বৰ মাহৰ ২২ তাৰিখে ভাৰত চৰকাৰে সামগ্ৰীৰ ক্ষেত্ৰত  জি .এছ. টিৰ নতুন নিয়ম কাৰ্যকৰী কৰিছিল।আজিৰ পৰা ৰূপায়ণ কৰিব সামগ্ৰীৰ ক্ষেত্ৰত নতুন দুটা জি.এছ.টি শ্লেব।পূ্ৰ্বৰ চাৰিটা  জি.এছ.টি শ্লেবযুক্ত ব্যৱস্থাৰ ক্ষেত্ৰত ৫% ,১২%,১৮% আৰু ২৮% কৰা হৈছে।দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা সামগ্ৰী যেনে- চাবোন,চেম্পু,টুথপেষ্ট,তেল,ডাইপাৰ ,চেলুন, যোগ কেন্দ্ৰ ইত্যাদিত ১৮% ৰ পৰা ৫% লৈ  জি.এছ.টি হ্ৰাস কৰা হৈছে ।খাদ্য সামগ্ৰী যেনে-বিস্কুট,কফি,ঘিউ,পনীৰ,গাখীৰ ,জাম, জেলী, কাঠফুলা, নাৰিকল পানী, ইষ্ট, চয়াবিনৰ ভূজিয়া,মৌ, মিঠাই, চকলেট, কৰ্ণফ্লেক, কেক, পেষ্ট্ৰি, চূপ, আইচক্ৰীম আৰু জেলেটিনৰ  ইত্যাদিত জি.এছ.টি  ১২%  পৰা ৫ % লৈ  হ্ৰাস কৰা হৈছে। ইলেকট্ৰনিকছ সামগ্ৰী যেনে- টিভি, এচি, ফ্ৰীজ, ৱাশ্বিং মেচিন আদি সামগ্ৰীৰ জি.এছ.টি ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস হ’ব। চিকিৎসা সেৱাৰ ক্ষেত্ৰত কৰ্কট ৰোগৰ দৰে জটিল ৰোগৰ কিছুমান জীৱনৰক্ষাকাৰী ঔষধ ,ডায়েগনষ্টিক কিট ইত্যাদিৰ ক্ষেত্ৰত ১২ শতাংশ আৰু ১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰিছে।

আনহাতে জি.এছ .টি ৪০ % লৈ বৃদ্ধি পাইছে  চিগাৰেট, গুটখা, পান মছলা, আৰু অনলাইন জুৱা ইত্যাদিৰ ক্ষেত্ৰত।যান -বাহন যেনে-ডাঙৰ বাহন ১২০০ cc তকৈ অধিক, ৪ মিটাৰৰ ওপৰত দীঘল আৰু ৩৫০ চিচিৰ ওপৰৰ বাইকৰ ওপৰত জি.এছ .টি বৃদ্ধি পাইছে।এনেদৰে জি.এছ. টিৰ বৃদ্ধিয়ে সামগ্ৰীৰ ক্ষেত্ৰত নতুন পৰিৱৰ্তন আনিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *