২০২২ ৰ পৰা আৰম্ভ হব নতুন শিক্ষানীতি

Share

ছাদ্দাম হুছেইন, ২৩ চেপ্তেম্বৰঃ ২০২২ চনৰ পৰা সম্পুৰ্ণ ৰুপে কাৰ্য্যকৰী হব নতুন শিক্ষা নীতি। বিদ্যালয়ত আশানুৰুপ নামভৰ্তি নোহোৱাৰ বাবে ৰাজ্য চৰকাৰে লৈছে এই সিদ্ধান্ত।

নতুন শিক্ষা নীতি কাৰ্য্যকৰী হলে পুনৰ ৰাজ্যত বন্ধ হব প্ৰায় তিনি সহশ্ৰাধিক চৰকাৰী বিদ্যালয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠিত হবলগীয়া নতুন শিক্ষানীতি আয়োগে পৰামৰ্শ লৈ অক্টোৱৰত অধিক ক্ষিপ্ৰ গতিত কাম-কাজ আৰম্ভ কৰাৰ লক্ষ্য শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ।

যোৱাকালি লোকনিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা পোৱা শিক্ষকক সম্বৰ্ধনা অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক শিক্ষামন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙে উপস্থিত থাকি কয় যে ষষ্ঠ শ্ৰেণীৰ পৰা Vocational শিক্ষা বাধ্যতামুলক। আৰু চ্যুকাফাকে ধৰি অসম প্ৰতিষ্ঠা কৰাত আগভাগ লোৱা বিশেষ ব্যক্তিৰ তথ্য সম্বল পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ আগবঢ়ায়।

লগতে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে কয় যে নতুন শিক্ষানীতি কাৰ্য্যকৰী কৰাৰ বাবে বিদ্যালয় একত্ৰীকৰণৰ সম্পুৰ্ণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে শিক্ষা বিভাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *