সুপ্রিয়া তৰফদাৰ
বৃহস্পতিবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে একাদশ শ্ৰেণীৰ নাম-ভৰ্তি প্রক্রিয়া। কিন্তু বিগত বৰ্ষৰ তুলনাত এইবাৰ অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণ হাৰে এতিয়া সমস্যাত পেলাইছে ছাত্ৰ-ছাত্রীসকলক। উত্তীৰ্ণ ছাত্র-ছাত্ৰীৰ তুলনাত ৰাজ্যৰ শিক্ষানুষ্ঠানত নাই আসন। উত্তীৰ্ণ হাৰ বৃদ্ধি পোৱাৰ বাবে বিগত বৰ্ষৰ তুলনাত এইবাৰ শিক্ষানুষ্ঠানসমূহত কমিল ৮০,০০০ আসন। শিক্ষানুষ্ঠানত সৃষ্টি হৈছে আসনৰ অভাৱ । উল্লেখযোগ্য যে, শিক্ষানুষ্ঠানসমূহত আসনৰ অভাৱ দূৰীকৰণৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে মহাবিদ্যালয়সমূহক উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীৰ বাবে ৭৫ শতাংশ আসন সংৰক্ষণৰ লগতে ২০ শতাংশ আসন বৃদ্ধিৰ নিৰ্দেশ প্ৰদান কৰিছে। প্রয়োজনত নৈশ শাখাও মুকলিৰ নিৰ্দেশ প্ৰদান কৰিছে শিক্ষা বিভাগে।