ভাৰতীয় সৈন্য বাহিনীত নতুন সংযোজন

Share

শত্ৰুৰ বুকু কপাঁবলৈ,যুদ্ধৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰতীয় সৈন্য বাহিনীত সংযোজিত হ’ব উন্নতমানৰ ক্ষেপনাস্ত্ৰ।মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে চলি থকা শুল্ক বিবাদৰ মাজতে ভাৰতে লাভ কৰিলে আমেৰিকাৰ পৰা ভাল খবৰ।আমেৰিকাই ৯৩ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৭৭৫ কোটি মূল্যৰ উন্নত অস্ত্ৰ বিক্ৰীৰ বাবে ভাৰত চৰকাৰৰ লগত চুক্তি অনুমোদন কৰে। এই চুক্তি অনুসৰি ভাৰতীয় সেনাই লাভ কৰিব দুবিধ অত্যাধুনিক অস্ত্ৰ।সেই দুবিধ অস্ত্ৰ হ’ল জেভেলিন এন্টি মিছাইল আৰু এক্সকেলিবাৰ প্ৰিচিচন গাইডেড আৰ্টিলাৰী ৰাউণ্ড।এই দুবিধ ক্ষেপনাস্ত্ৰই ভাৰতীয় সেনাক অধিক শক্তিশালী কৰি তুলিব কাৰণ জেভেলিন ক্ষেপণাস্ত্ৰক বিশ্বৰ অন্যতম ফলপ্ৰসূ এণ্টি টেংক মিছাইল বুলি গণ্য কৰা হয়। প্ৰায় ৪ কিলোমিটাৰ ৰেঞ্জৰ সৈতে ৯০ শতাংশতকৈ অধিক সফলতাৰ আক্ৰমণ কৰে। ইয়াৰ টপ এটেক ক্ষমতা আৰু ফায়াৰ-এণ্ড-ফৰ্গেট প্ৰযুক্তিয়ে ইয়াক আধুনিক যুদ্ধক্ষেত্ৰত এক অতি নিৰ্ভৰযোগ্য অস্ত্ৰ কৰি তুলিছে। এই বৈশিষ্ট্যসমূহে শত্ৰুৰ সাজসজ্জিত নিয়োগ প্ৰতিহত কৰাত জেভেলিন ক্ষেপণাস্ত্ৰই যথেষ্ট সুবিধা প্ৰদান কৰিব।ঠিক সেইদৰে আৰ্টিলাৰীয়েও অস্ত্ৰৰ জগতখনত এক অনন্য স্থান দখল কৰিছে।ৰেঞ্জ গুৰুত্বপূৰ্ণ যদিও যুদ্ধক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণকাৰী হৈছে ৱাৰহেড।আৰ্টিলাৰীৰ ৱাৰহেড কনফিগাৰেচনৰ বাবেই ইয়াক যিকোনো পৰিস্থিতিত ব্যৱহাৰ কৰিব পাৰি। আমেৰিকাৰ সৈতে হোৱা এই ক্ষেপনাস্ত্ৰৰ চুক্তিয়ে ভাৰতীয় সেনাক যুদ্ধ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব

Leave a Reply

Your email address will not be published. Required fields are marked *