পুনৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে অলিম্পিক বিজয়ী নীৰজ চোপ্ৰাই । সোমবাৰে পুৱা ভাৰতৰ অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত দেশৰ হৈ প্ৰথমটো স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে, হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত পুৰুষৰ জেভলিন থ্ৰ’ ইভেন্টৰ ফাইনেলনত পাকিস্তানৰ আৰ্ছাদ নাদীমক পৰাস্ত কৰে নীৰজে।আনহাতে, এক মিটাৰতকৈও কম ব্যৱধানত পৰাস্ত কৰি ইতিহাস ৰচনা কৰিলে ভাৰতীয় খৈলুৱৈগৰাকীয়ে। দ্বিতীয়টো প্ৰচেষ্টাত নীৰজে ৮৮.১৭ মিটাৰ সৰ্বোত্তম থ্ৰ’ ৰেকৰ্ড কৰি শেষলৈকে নিজৰ অগ্ৰগতি অক্ষত ৰাখিবলৈ সক্ষম হয়।যোৱা বছৰ ৰূপৰ পদক অৰ্জন কৰাৰ পিছত বিশ্ব চেম্পিয়নশ্বিপত লাভ কৰে নীৰজে দ্বিতীয়টো পদক। নীৰজে দুটা পদক লাভ কৰাৰ পূৰ্বে ভাৰতৰ শেষ পদক বিজয়ী আছিল অঞ্জ ববি জৰ্জ।২০০৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপত মহিলাৰ লং জাম্পৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।
উল্লেখ্য যে, প্ৰথম ৰাউণ্ডৰ প্ৰচেষ্টাত ফিনলেণ্ডৰ অলিভাৰ হেলেণ্ডাৰে ৮৩.৩৮ মিটাৰ থ্ৰ’ৰে অগ্ৰগতি লাভ কৰে।নীৰজ চোপ্ৰাৰ প্ৰথম থ্ৰ’টো ফাউল হয়। লগতে দ্বিতীয় ৰাউণ্ডৰ প্ৰচেষ্টাৰ অন্তত নীৰজে বৃহৎ ৮৮.১৭ মিটাৰ দৌৰত আগবাঢ়িছিল খেলুৱৈগৰাকী।২৫ বছৰীয়া খেলুৱৈগৰাকীৰ এই কৃতিত্বত গৌৰৱ বোধ কৰিছে সমগ্ৰ ভাৰতবাসী।